পেঙেৰীৰ গড়কাপ্তানী পথত বনৰীয়া হাতীৰ আক্ৰমণ

0
20

প্ৰাগজ্যোতিষ বাৰ্তা,তিনিচুকীয়াৰ পৰা বিকাশ বৰুৱা,১০ আগষ্টঃ তিনিচুকীয়া জিলাৰ অন্তৰ্গত ডিগবৈ পেঙেৰীৰ পথত আজি এটা বনৰীয়া হাতীয়ে বহু সময় ধৰি পথটো অৱৰোধ কৰি ৰখাৰ লগতে যান-বাহনৰ ওপৰত আক্ৰমণ কৰে।

হাতীৰ আক্ৰমণত অৱশ্যে কোনো লোক হতাহত হোৱা নাই।ডিগবৈ বনসংমণ্ডলৰ অধীনৰ আপাৰ দিহিং বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীয়ে উক্ত পথটোত প্ৰায়ে পথচাৰীৰ লগতে যান বাহনৰ চালকক অসুবিধা দি আহিছে।

কিন্তু এই বিষয়ত কোনো কাণসাৰ নাই ডিগবৈ বন সংমণ্ডলৰ।

আপাৰ দিহিং বনাঞ্চলত খনৰ মাজৰে অহা যোৱা কৰা বহু লোকক বন্য হাতীয়ে প্ৰায়ে জলাকলা দেখুৱাই আহিছে।

তৎসত্বেও বন বিভাগে বিষয়টোত আজিলৈকে গুৰুত্ব আৰোপ কৰা দেখা নগ’ল।

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ পেঙেৰী-বৰডুমচা আঞ্চলিক সমিতিৰ সভাপতি ৰোহিত গোঁসাই, উপদেষ্টা ৰঞ্জন মৰাণৰ লগতে সম্পাদক কুমুদ মৰাণে আজি ডিগবৈ বন সংমণ্ডলক এই বিষয়টো গুৰুত্ব সহকাৰে লৈ জনসাধাৰণৰ জীৱন সম্পত্তি ৰক্ষাৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে।

নহ’লে অনাগত দিনত কিবা দুৰ্ঘটনাৰ সংঘটিত হলে ইয়াৰ বাবে বন বিভাগেই জগৰীয়া হ’ব বুলি সংগঠনটোৱে স্পষ্ট কৰি দিছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here