প্ৰাগজ্যোতিষ বাৰ্তা,তিনিচুকীয়া,৯ আগষ্টঃ তৈল নগৰীৰ ডিগবৈ বৰবিল স্থিত এখন অগ্ৰণী বিদ্যালয় বিবেকানন্দ একাডেমীৰ কণ কণ ছাত্র-ছাত্ৰীসকলৰ এক সুন্দৰ প্ৰয়াসে সকলোকে আপ্লুত কৰি তুলিছে।
বিদ্যালয়খনৰ ছাত্র-ছাত্ৰীসকলে নিজ হাতেৰে প্ৰস্তুত কৰি উলিওৱা বিভিন্ন ধৰণৰ ক’লাৰ এক সুন্দৰ প্ৰদর্শনী অনুষ্ঠিত কৰা হয়।
প্ৰদৰ্শনীৰ অনুষ্ঠানত শৈশৱৰ পৰা যে শিশুৱে কেনেদৰে সকলো প্ৰয়োজনীয় নাইবা অলাগতিয়াল সামগ্ৰীৰে বিভিন্ন বস্তু প্ৰস্তুত কৰিব পাৰে সেয়া এই সুন্দৰ প্ৰদর্শনী অনুষ্ঠানৰ মাজেৰে নিজকে দাঙি ধৰিছে।
বিদ্যালয়খনৰ নাৰ্ছাৰী পৰাই সকলো ছাত্র-ছাত্ৰীয়ে গৰম বন্ধত এনেদৰে সুন্দৰকৈ বিভিন্ন ধৰণৰ ক’লা প্ৰস্তুত কৰি বিদ্যালয়খনত এক আকৰ্ষণীয় প্ৰদর্শনী অনুস্থান অনুষ্ঠিত কৰে।
বিদ্যালয়খনৰ প্ৰধান শিক্ষয়ত্ৰীৰ শ্ৰোতাপা ভট্টাচাৰ্যৰ লগতে সকলো শিক্ষক শিক্ষয়ত্ৰীয়ে এই ছাত্র ছাত্ৰীসকলক সকলো দিশতে আগুৱাই নিয়াত অহৰহ প্ৰচেষ্টা হাতত লয়।
শিশু সকলৰ এনে সুন্দৰ নিদর্শন তথা প্ৰয়াসকলৈ অভিভাৱকৰ লগতে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়ত্ৰীসকলেও গৌৰৱ অনুভৱ কৰিছে।