মাৰ্ঘেৰিটাত পথাৰৰ মাজত নৱজাতক কন্যা সন্তান উদ্ধাৰ

0
71

প্ৰাগজ্যোতিষ বাৰ্তা,তিনিচুকীয়া পৰা বিকাশ বৰুৱা, ১০ আগষ্টঃ পুনৰ সভ্য সমাজক তথা মানৱতাক লজ্জিত কৰা এটি অমানৱীয় ঘটনা তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত সংঘটিত হৈছে।

মাৰ্ঘেৰিটাৰ আলোবাৰী টুলু ইটা ভাটাৰ সমীপৰ ঘাইপথৰ কাষতে থকা এখন পথাৰৰ মাজত কলপাতত মেৰিয়াই পেলাই থৈ যোৱা অৱস্থাত উদ্ধাৰ হয় এটি সদ্যজাত নৱজাতক কন্যা সন্তান।

এজন আদিবাসী লোকে সন্তানটোক যোৱা কালি সন্ধিয়া ৬ মান বজাত কান্দি থকা প্ৰত্যক্ষ কৰে। কোনো হৃদয়হীন মাতৃয়ে পেলাই থৈ যোৱা বুলি অনুমান কৰি লগে লগে ৰাইজে মাৰ্ঘেৰিটাৰ আৰক্ষীক খবৰ দিয়ে।

তাৰ পাছতেই আৰক্ষীয়ে সন্তানটিক স্বাস্থ্যৰ পৰীক্ষাৰ বাবে মাৰ্ঘেৰিটাৰ চিভিললৈ লৈ আনে।সন্তানটিক বৰ্তমানে শিশু কেয়াৰ ইউনিটত ৰখা হৈছে।

উল্লেখ্য যে কন্যা সন্তানটি উদ্ধাৰ হোৱা লগে লগেই সেই স্থানতেই দুই নং আলোবাৰীৰ নিবাসী চাহিদ আলি(পিণ্টু) আৰু মমতা বেগম নামৰ দম্পত্তি হালে সন্তানটিক নিজ সন্তান হিচাপে তুলি ল’ব বিচৰাত গাঁৱৰ ৰাইজক সাক্ষী কৰি দিয়া হ’ব বুলিও প্ৰতিশ্ৰুতি দিয়ে মাৰ্ঘেৰিটাৰ আৰক্ষীয়ে।

সেই সন্তানটিৰ হেঁপাহত সেই মমতা নামৰ মহিলাগৰাকীয়ে ওৰে ৰাতি হস্পিতালখনতে বহি থাকে।কিন্তু জিলা আইন সেৱা প্ৰাধিকাৰী অধীনৰ স্থানীয় অদ্ধ আইনী স্বেচ্ছাসেৱকে তথা সংবাদ মাধ্যমে গম পোৱাৰ পাছত এতিয়া চাইল্ড লাইনৰ লোকক শিশুটিক গতাই দিয়াৰ সিদ্ধান্তত আবেগিক ভাৱে ভাঙি পৰিছে উক্ত সন্তানটিক আঁকোৱালি লোৱাৰ আশাঁত থকা দম্পতি।

বৰ্তমান চিকিৎসকে জানিবলৈ দিয়া মতে জন্মৰ কিছু ক্ষণৰ পাছতে এনেদৰে পেলাই থৈ যোৱা সন্তানটিৰ স্বাস্থ্য সুস্থ অৱস্থাত আছে এতিয়া।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here