প্ৰাইজমণি সংগীত আৰু নৃত্য প্ৰতিযোগিতা আয়োজন

0
26

প্ৰাগজ্যোতিষ বাৰ্তা,শিৱসাগৰ হাঁহচৰাৰ পৰা মুকুল বাইলুং,১০আগষ্টঃ শিৱসাগৰ জিলাৰ ডিমুৱালত অৱস্থিত জাতীয় বিদ্যালয় বিদ‍্যাভৱন ডিমুৱালে ২০১৯ বৰ্ষৰ ৬ ফেব্ৰুৱাৰীত ২৫ টা গৌৰৱোজ্জ্বল বৰ্ষ অতিক্ৰম কৰিলে।

বিদ‍্যাভৱন ডিমুৱালৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি এলানি গীত আৰু নৃত্য প্ৰতিযোগিতা দুদিনীয়া কাৰ্য‍্যসূচী ৭ আৰু ৮ ছেপ্টেম্বৰ তাৰিখে বিদ‍্যাভৱন ডিমুৱালৰ প্ৰেক্ষাগৃহত আয়োজন কৰিবলৈ লোৱা হৈছে।

প্ৰতিযোগিতা সমূহ- সমবেত সংগীত, একক গীত পৰিবেশন, সৃষ্টিশীল দলীয় নৃত্য, আৰু সত্ৰীয়া নৃত্য প্ৰতিযোগিতা। প্ৰতিযোগিতাৰ নাম ভৰ্ত্তিৰ শেষ তাৰিখ ৫ ছেপ্টেম্বৰ ২০১৯।

দলীয় নৃত্যত ৮ জন হ’ব লাগিব আৰু সময় ৫ মিনিট কৈ দিয়া হ’ব। প্ৰতিটো প্ৰতিযোগিতাৰ প্ৰথম তিনি গৰাকী বিজয়ী প্ৰতিযোগিক বিভিন্ন ব‍্যক্তিৰ সোঁৱৰণিত নগত ধন মানপত্ৰ প্ৰদান কৰা হ’ব।

লগতে প্ৰতিটো প্ৰতিযোগিতাত ৩টাকৈ উদগণিমূল বঁটা থাকিব।প্ৰতিযোগীসকলে বয়সৰ প্ৰমাণ পত্ৰ জমা দিয়াটো বাধ্যতামূলক।

উদযাপন সমিতিৰ সভাপতি দিলীপ শইকীয়া আৰু সম্পাদকদয় দিব‍্যকমল ফুকন,ধৰ্ম ফুকনে উজনি অসমৰ সমূহ শিক্ষা অনুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলে উক্ত প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিলৈ সংবাদ মাধ্যমৰ যোগেদি অনুৰোধ জনাইছে ।

লগতে উল্লেখ কৰিছে যে প্ৰতিযোগিতাত বিজয়ী প্ৰতিযোগি সকলক বিদ‍্যাভৱন ডিমুৱালৰ ৰূপালী জয়ন্তী সামৰণি অনুষ্ঠান ২০২০ চনৰ ৬ ফেব্ৰুৱাৰী মুকলি সভাত প্ৰদান কৰা হ’ব।

বিতং খৱৰৰ বাবে যোগাযোগ কৰিব পাৰে -সাংস্কৃতিক বিভাগ, বিদ‍্যিভৱন,ডিমুৱাল, শিৱসাগৰ ।ম’বাইল নম-৯৩৬৫৩৩৬৮৮৯,৬০০০৮৯৮৬৩৪।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here