এম জি এম কণিষ্ঠ মহাবিদ্যালয়ৰ দেৱাল পত্ৰিকাৰ বাবে লেখা আহ্বান

0
15

প্ৰাগজ্যোতিষ বাৰ্তা,শিৱসাগৰ,হাঁহচৰা, ১০আগষ্টঃ অহা ৫ছেপ্টেম্বৰ তাৰিখ শিক্ষক দিৱস উপলক্ষে শিৱসাগৰৰ গড়গাঁ‌ৱত অৱস্থিত বেচৰকাৰী শিক্ষানুষ্ঠান এমজিএম কণিষ্ঠ মহাবিদ্যালয়ৰ “অৱলোকন”নামেৰে এখন দেৱাল পত্ৰিকা উন্মোচনৰ প্ৰস্তুতি চলোৱা হৈছে।

তদুপলক্ষে এম জি এম কণিষ্ঠ মহাবিদ্যালয়ৰ নৱম,দশম,একাদশ,দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক দেৱাল বিভিন্ন ধৰণৰ লেখা দিবলৈ আহ্বান জনাইছে।

দেৱাল পত্ৰিকা উন্মোচনৰ বাবে শিক্ষক-শিক্ষয়িত্ৰী গোট আৰু ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এখন সমিতি গঠন কৰি দিয়া হৈছে শিক্ষক-শিক্ষয়িত্ৰী গোটৰ পৰা ক্ৰমে মৌচুমী ভৰালী আৰু ধ্ৰুৱজ্যোতি বড়া আৰু ছাত্ৰ-ছাত্ৰী সকলৰ মাজৰ পৰা মৃগাক্ষী দিহিঙ্গীয়াক সম্পাদিকা,মাচুমী শইকীয়াক সহকাৰী সম্পাদক,সদস্য হিচাপে ক্ৰমে বিপ্লৱ কোঁ‌চ ,পৰী গগৈ,পাপুলী দত্ত,ঋত্তিকা দত্ত,দ্ৰুপদ বৰগোহাঁই,আকাংক্ষাদ্বীপ দিহিঙ্গীয়া,লীজা খনিকৰ,বৈকুণ্ঠ মেছক দায়িত্ব দিয়া হৈছে।

দেৱাল পত্ৰিকাৰ বাবে লেখাসমূহ অহা ২৫আগষ্টৰ ভিতৰত দেৱাল পত্ৰিকাৰ সমিতিৰ সম্পাদিকা আৰু সদস্যৰ হাত জমা দিবলৈ আহ্বান জনাইছে এম জি এম জণিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ তুলসী শেনচোৱা আৰু মহাবিদ্যালয়ৰ স্বত্বাধিকাৰী ভাস্কৰ গগৈয়ে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here