প্ৰাগজ্যোতিষ বাৰ্তা,তিনিচুকীয়া পৰা বিকাশ বৰুৱা,১২ আগষ্টঃ তিনিচুকীয়া জিলা ডিগবৈ শোধনাগাৰৰ তেল পৰিবাহী পাইপত যোৱা শনিবাৰে এক অগ্নিকাণ্ড ঘটনা সংঘটিত হয়।
ডিগবৈৰ পৰা তিনিচুকীয়াৰ টাৰ্মিনেললৈ যোৱা পাইপাডাল বালিজানৰ ,৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমিপত জুই লাগে।
তেল চোৰে পাইপডাল নিশাই ফুটা কৰি যোৱাত উক্ত স্থানেৰে তেল ওলাই আছিল৷ ফলত হঠাতে জুই লাগে৷
জুই লগাৰ ফলত বিজুলী সংযোগী তাৰো ছিঙি পৰে। ইয়াৰ ফলত কাষতে থকা ১ নং বালিজান প্ৰাৰ্থমিক বিদ্যালয়খন কথমপিহে ৰক্ষা পৰে৷
কাৰণ বিদ্যালয়খনৰ সন্মুখতে অগ্নিকাণ্ডটোৰ সূত্ৰপাত হয়৷ প্ৰকাণ্ড জুই দেখি বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী ভয়ত যেনি তেনি পলায়ন কৰোতে বহু ছাত্ৰ-ছাত্ৰী আহত হ’ব লগা হয়।
ইয়াৰ পিছতে স্থানীয় উত্তেজিত ৰাইজে পথ অৱৰোধ কৰি ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ অইল কৰ্তৃপক্ষক দাবী জনাইছে৷
স্থানীয় ৰাইজৰ অভিযোগ যে উক্ত স্থানত প্ৰায় তেল চুৰি হৈ থাকে যদিও নিৰাপত্তাৰক্ষীয়ে এই ক্ষেত্ৰত চকু মুদা কুলিৰ ভাও ধৰি থাকে সেয়ে আজি এনে দুৰ্ঘটনা সংঘটিত হ’বলৈ পালে।