গুৱাহাটীত সাংবাদিকৰে মত বিনময় হেপেটাইটিছ ‘বি’ৰ বিশেষজ্ঞৰ

0
16

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটীৰ পৰা মণীষা শৰ্মাঃ বৰ্তমান সময়ত হেপেটাইটিছ বি ভাইৰাছে সমগ্ৰ বিশ্বতে এক বিভীষিকাৰ সৃষ্টি কৰি আহিছে।

বিশেষকৈ ভাৰতৰ দৰে তৃতীয় বিশ্বৰ দেশসমূহত ইয়াৰ প্ৰভাৱ অতি বেছি। বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ (হু)ৰ এক তথ্যমতে, বিশ্বৰ প্ৰায় ২৪০ লাখ লোক হেপেটাইটিছ বি ৰোগত আক্ৰান্ত হয়।

আনহাতে হেপেটাইটিছ বি ৰ বিশেষজ্ঞ ডাঃ মামুন আল মহতাবৰ এক প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য অনুসৰি ইয়াৰ প্ৰায় ৫০ লাখ লোক বাংলাদেশৰ আৰু ইয়াৰ প্ৰভাৱ ভাৰতবৰ্ষতো আংশিকভাৱে পৰিছে।

উল্লেখযোগ্য যে দক্ষিণ এছিয়াৰ বৃক্ক সংস্থাৰ এক আলোচনা শীৰ্ষক এক অনুষ্ঠানৰ কাৰ্যসূচী এক অংশ স্বৰূপে আজি গুৱাহাটীৰ হোটেল শ্ৰুলিন গ্ৰেণ্ডত এক সংবাদ মেলৰ আয়োজন কৰি চুবুৰীয়া দেশ বাংলাদেশৰ হেপেটাইটিছ বি ৰ বিশেষজ্ঞ ডাঃ মামুন আল মহতাবে কয় সঠিক সময়ত সঠিক চিকিৎসাৰ দ্বাৰা এইৰোগ নিৰাময় কৰিব পাৰি আৰু ই বংশগত নহয়।

আনহাতে এই ৰোগ সাধাৰণতে পানী ,ফলমূল আদিৰ পৰাও সংক্ৰমণ হোৱাৰ সম্ভাৱনীয়তাৰ কথা সদৰী কৰে ডাঃ মহতাবে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here