এটুপি খোৱা পানীৰ বাবে ৰূপনগৰত হাহাকাৰঃ হাতত খালী বাচনবৰ্তন লৈ ৰাজপথত তীব্ৰ প্ৰতিবাদ অঞ্চলবাসী ৰাইজৰ

0
9

প্ৰাগজ্যোতিষ বাৰ্তা,মনোজ ডেকা গুৱাহাটীৰ পৰা, ১২আগষ্টঃ গুৱাহাটী মহানগৰীৰ ৰূপনগৰৰ মুক্তিযুজাৰু পথৰ বাসিন্দাসকলে এটুপি পানীৰ বাবে হাহাকাৰ কৰিবলগীয় হৈছে৷

দীৰ্ঘদিন ধৰি এই অঞ্চলৰ বাসিন্দাসকলে পানীৰ সমস্যাত ভূগি আহিছে৷ ৰাজ্য চৰকাৰৰ কেইবাটাও বিয়াগোম বিভাগ থকাৰ পিছতো আজিলৈকে পানীৰ সমস্যটো কি কাৰণত সমধান নহ’ল সেয়া অঞ্চলবাসী ৰাইজৰ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষলৈ ক্ষোভ৷

এফালে উৎকট গৰম আনফালে পানীৰ নাটনিয়ে জ্বলা কলা খুৱাইছে এইসকল বাসিন্দাক৷

অৱশেষত ধৈৰ্যৰ বান্ধ চিঙি পুৰুষ মহিলাই হাতত খালী বাচনবৰ্তন লৈ ৰাজ পথলৈ ওলাই আহে প্ৰতিবাদ কৰিবলৈ৷

শনিবাৰে ৰূপনগৰ উন্নয়ন সমিতিৰ সভাপতি কুমুদ চন্দ্ৰ ডেকাৰ নেতৃত্বত প্ৰায় শতাধিক পৰিয়ালৰ সদস্যই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷

তেওঁলোকৰ এটাই দাবী শীঘ্ৰে অঞ্চলবাসী ৰাইজৰ পানীৰ সমস্যা সমধান কৰক৷অন্যথা আগন্তুক দিনত ইয়াতকৈ ভংয়কৰ গনতান্ত্ৰীক আন্দোলন গঢ়ি তোলা হ’ব বুলি বিভগীয় কৰ্তৃপক্ষক সকীয়াই দিয়ে৷উল্লেখযোগ্য যে নিৰুপমা বায়ন, যমুনা কোঁৱৰ, উৰ্বশী দাস সহ শতাধিক ব্যক্তিয়ে প্ৰতিবাদী কাৰ্যসূচীটোত অংশগ্ৰহণ কৰে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here