হিন্দু জাগৰণ মঞ্চ,অসমৰ উদ্যোগত অখণ্ড ভাৰত দিৱস

0
17

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী,১২আগষ্টঃ অখণ্ড ভাৰতৰ স্মৃতি ৰোমন্থনৰ লগতে অখণ্ড ভাৰতৰ গৌৰৱ, গৰিমা আৰু ভৌগলিক বিশালতাৰে ভাৰতবৰ্ষক পূনৰ্বাৰ স্মৰণৰ উদ্দেশ্যেৰে অহা ১৪ আগষ্টত হিন্দু জাগৰণ মঞ্চ,অসমে অনুষ্ঠিত কৰিছে ‘অখণ্ড ভাৰত দিৱস’।

গুৱাহাটীস্থ গড়কাপ্টানী(গৃহ)বিভাগৰ সভাগৃহ(দিশপুৰ)ত আবেলি ৫ বজাত অনুষ্ঠিত হ’বলগীয়া ‘অখণ্ড ভাৰত দিৱস’ত মুখ্য বক্তা হিচাপে উপস্থিত থাকিব ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ বৌদ্ধিক প্ৰমুখ শংকৰ দাস আৰু বিশিষ্ঠ অতিথি হিচাপে উপস্থিত থাকিব বিশিষ্ট বিজ্ঞানী ডাঃ বিকুল দাস।

উক্ত অনুষ্ঠানত সমূহ ৰাইজৰ উপস্থিতি কামনা কৰিছে হিন্দু জাগৰণ মঞ্চ,অসমৰ হৈ সভাপতি মৃনাল কুমাৰ লস্কৰ আৰু সাঃ সম্পাদক ৰঞ্জিত চন্দ্ৰ কলিতাই।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here