ৰাজগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ সমীপত জাৱৰৰ দমঃ মুখত ৰুমাল লৈ ছাত্ৰ-ছাত্ৰীয়ে গ্ৰহণ কৰিছে শিক্ষা

0
8

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটীৰ পৰা মনোজ ডেকাঃ গুৱাহাটী মহানগৰীৰ ৰাজগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ সমীপত জাবৰৰ দমেৰে ভৰি পৰিছে৷

বছৰ বছৰ ধৰি এই স্কুলখনৰ সমীপৰ একাংশ সম্ভ্ৰন্ত ব্যক্তিয়ে ডাচবিন হিচাপে ব্যৱহাৰ কৰা দখিবলৈ পোৱা গৈছে৷ জাৱৰ জোথৰৰ লগতে মৰা কুকুৰ, মেকুৰী পেলায় থৈ যায় এচাম তথাকথিত ভদ্ৰলোকে৷

অতি দুৰ্গন্ধময় পৰিবেশত স্কুলখনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলে শিক্ষা গ্ৰহণ তথা পাঠদান কৰিবলগীয়া হৈছে৷ অতি পচা গোন্ধ সয্য কৰিব নোৱাৰি মুখত ৰুমাল লৈ ক্লাছ কৰিবলগীয়া হৈছে৷

আনহাতে পথ ছোৱাৰে বিভিন্ন স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অসংখ্য ব্যক্তিয়ে আহ যোৱা কৰে এই দুৰ্গন্ধ লৈয়ে৷

ইয়াৰ ওচৰত আছে ৰাজগড় নামঘৰ৷এই নামঘৰলৈ অহা ভক্তপ্ৰাণ ৰাইজে গোন্ধময় পৰিবেশত পথছোৱা অতিক্ৰম কৰিৱলগীয়া হয়৷

এইক্ষেত্ৰত গুৱাহাটীৰ পৌৰনিগমে কিছুদিন আগতে এই ঠাইটুকুৰাত দুখনকৈ বেনাৰ আৰি দিছিল৷তাত লিখা আছিল ইয়াত জাৱৰ নেপালব৷ অন্যথা জৰিমনা বিহা হ’ব৷

কিন্তু এচাম শিক্ষিত মানুহ হৈয়ো গুৱাহাটী পৌৰ নিগমৰ কথা কোনো গুৰুত্ব নিদি পুনৰ শিক্ষানুষ্ঠানৰ সমীপতে জাৱৰ জোথৰ পেলাই থাকিল।

অসহায় শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষ ’ অসহায় অবস্হা যেন গুৱাহাটীৰ পৌৰ নিগমৰ৷

কিয়নো নিগমৰ আঁৰি থোৱা বেনাৰৰ কথাত এই তথাকথিত ভদ্ৰ সমাজে গুৰুত্ব নিদিলে৷ এতিয়া সেই আঁৰি থোৱা বেনাৰ খনো নাইকিয়া হ’ল৷

কিন্তু জাৱৰ জোথৰ পেলাৱা আজিলৈকে বন্ধ নহ’ল৷ এচাম ব্যক্তিয়ে এই সন্দৰ্ভত কয় যে এই ক্ষেত্ৰত স্হানীয় ৰাইজ যঠেষ্ট সজাগ হোৱাৰ প্ৰয়োজন ৷

গুৱাহাটীৰ পৌৰনিগমে কিয় স্হানীয় ৰাইজৰ লগত আলপ আলোচনা নকৰে এই সমস্যাটো দূৰ কৰিবলৈ৷

নিশ্চয় গুৱাহাটী পৌৰনিগমে সদিচ্ছাৰে স্হানীয় ৰাইজৰ জৰিয়তে এই সমস্যটো সমধান কৰাৰ বাবে এচাম পথচাৰীয়ে আহ্বান জনায়৷

নহ’লে এনেকৈয়ে ছাত্ৰ-ছাত্ৰী লগতে পথচাৰী দুৰ্গন্ধময় পৰিবেশত পথ অতিক্ৰম কৰিবলগীয়া হৈয়ে থাকিব৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here