ধেমাজি নাট্য মন্দিৰ সহযোগত আৰু ধেমাজি জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি উদ্যোগত নাট কৰ্মশালা

0
29

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজিৰ পৰা ললিত শইকীয়া,১৩ আগষ্টঃ ধেমাজি এটি অন্যতম সাংস্কৃতিক অনুষ্ঠান ধেমাজি নাট্য মন্দিৰৰ সহযোগত ধেমাজি জিলা ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত যোৱা ই ৫ জুলাই পৰা গ্ৰীষ্মকালীন এক নাট কৰ্মশালা আৰম্ভ হয়।

৩৫ জন প্ৰশিক্ষাৰ্থী য়ে অংশগ্ৰহণ কৰা কৰ্মশালাখত শিশুৰ শাৰিৰীক মানসিক উৎকৰ্ষ সাধনৰ লগতে অভিনয় প্ৰশিক্ষণ দি থকা হৈছে।

কৰ্মশালাখত অসমৰ জনপ্ৰিয় কৌতুক অভিনেতা খাপলাং কাই খ্যাত (কুৰৱান) চাজু আহমেদ, নাট্যকাৰ বিশ্বজিৎ ডেকা, পৰিচালক কুলেন্দ্ৰ ৰায়চৌধুৰী, লগতে স্থানীয় বহুকেইজন প্ৰশিক্ষকৰ উপৰিও ধেমাজি নাট্য মন্দিৰৰ পৰিচালক/ সম্পাদক জ্যোতি ধেমাজিয়ে পাঠদান আগবঢ়োৱা নাট কৰ্মশালাখনৰ সামৰণি অনুষ্ঠান হিচাবে প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা অহা ইং ২২ আগষ্ট সন্ধ্যা ৬:৩০ বজাত নাট্যকাৰ বিশ্বজিৎ ডেকা নাট “যোগ্য ভোগ্য বসুন্ধৰা” নামৰ এখ পুৰ্ণাঙ্গ নাট ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত মঞ্চস্থ কৰা হ’ব বুলি ধেমাজি নাট্য মন্দিৰৰ পৰিচালক সম্পাদক প্ৰনৱ কুমাৰ গগৈয়ে জানিবলৈ দিয়ে।

ইয়াৰ উপৰিও সমুহ ধেমাজিবাসী ৰাইজক নাট উপভোগ কৰিবলৈ আহ্বান জনাইছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here