লংকা ষ্টেচনৰ সমীপৰ পিতনীত উদ্ধাৰ মৃতদেহ

0
14

প্ৰাগজ্যোতিষ বাৰ্তা,লংকা,১৩ আগষ্টঃ পুৱা লংকা ষ্টেচনৰ সমীপৰ পিতনীত এটা মৃতদেহ উদ্ধাৰ হৈছে| পথৰ কাষতে থকা পিটনীত তলমূৰকৈ পৰি থকা মৃতদেহটো স্হানীয় লোকে প্ৰত্যক্ষ কৰে প্ৰথমে|

মৃতদেহৰ শৰীৰত থকা কাপোৰ চিনাক্ত কৰি মৃতদেহটো ওচৰৰে ৫নং ৱাৰ্ডৰ গোপাল মণ্ডলৰ বুলি চিনাক্ত কৰিছে পৰিয়ালৰ লোকে|

বিগত দেওবাৰৰ পৰাই গোপাল মণ্ডল ঘৰৰ পৰা নিৰুদ্দেশ হৈ আছিল|মিঠাইৰ দোকানত কাম কৰি থকা গোপাল মণ্ডলে অত্যাধিক সুৰাপান কৰিছিল|

 

মৃত্যুৰ কাৰণ পোহৰলৈ অহা নাই যদিও অত্যাধিক সুৰাপান কৰিয়েই এনদৰে পথৰ কাষত থকা পিতনীত পৰি মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে|

ঘটনাস্হলীত লংকা আৰক্ষী আৰু জিআৰপি উপস্হিত হৈছিল যদিও দুয়ো আৰক্ষীয়ে তেঁওলোকৰ অঞ্চল নোহোৱা বুলি দায়সৰিবলৈ চেষ্টা কৰি এই পৰ্যন্ত উদ্ধাৰকৰা নাই মৃতদেহটো |

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here