অহা ১৫ আগষ্টত গুৱাহাটী প্ৰেছ ক্লাবত জাতীয় পতাকা উত্তোলনেৰে শ্বহীদ স্মৰণ

0
17

গুৱাহাটী, ১৪ আগষ্টঃ প্ৰতিবছৰৰ দৰে এইবেলিও গুৱাহাটী প্ৰেছ ক্লাৱ বাকৰিত সাংবাদিকসকলে ত্ৰিৰংগ জাতীয় পতাকা উত্তোলনেৰে দেশৰ স্বধীনতাৰ হকে প্ৰাণ আহুতি দিয়া হেজাৰ-বিজাৰ দেশপ্ৰেমিক শ্বহীদক কৃতজ্ঞতাৰে সুঁৱৰি ৭৩তম স্বাধীনতা দিৱস উদ্‌যাপন কৰিব৷

অহা ১৫ আগষ্টত দিনৰ ১১বজাত অনুষ্ঠিত হ’বলগীয়া এই কাৰ্যসূচীত যোগ দিবলৈ সাংবাদিক আৰু সংবাদকৰ্মীসকলৰ উপৰি মহানগৰীৰ সমূহ দেশপ্ৰেমিক নাগৰিককে আহ্বান জনাইছে ‘জাৰ্নালিষ্টছ ফ’ৰাম , অসম’ (জেএফএ)য়ে৷

লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সমূহ প্ৰেছ ক্লাৱ, প্ৰেছ গীল্ড আৰু সাংবাদিক সংগঠন, প্ৰতিষ্ঠানকে জাতীয় পতাকা উত্তোলনেৰে স্বাধীনতা সংগ্ৰামত প্ৰাণ আহুতি দিয়া আৰু অশেষ কষ্ট বৰণ কৰা বীৰ-বীৰাংগনাসকলক কৃতজ্ঞ চিত্তেৰে শ্ৰদ্ধা তৰ্পণ কৰিবলৈও আহ্বান জনাইছে ‘জেএফএ’ই৷

অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ইউ টিৰট সিং , বীৰ টিকেন্দ্ৰজিৎ , ৰাণী গাইদালু , পিয়লি ফুকন , মণিৰাম দেৱান , কনকলতা বৰুৱা , মুকুন্দ কাকতী , কুশল কোৱৰ , ভোগেশ্বৰী ফুকননী , তিলক ডেকা , কমলা মিৰি , নিধানু ৰাজবংশী , লেৰেলা বড়োকে ধৰি অসংখ্য দেশপ্ৰেমিকে বৃটিছ সাম্ৰাজ্যবাদৰ বিৰুদ্ধে যুঁজি স্বাধীনতা সংগ্ৰামত প্ৰাণ বিসৰ্জন দিছিল৷

আনহাতে কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ , দেশভক্ত তৰুণ ৰাম ফুকন , ত্যাগবীৰ হেমচন্দ্ৰ বৰুৱা , লোকপ্ৰিয় গোপীনাথ বৰদলৈ আদিৰ দৰে মহান নেতৃবৰ্গয়ো দেশৰ স্বাধীনতা সংগ্ৰামত অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিছিল৷

আজিকালি সততে ৰাষ্ট্ৰৰ সাংবিধানিক অধিকাৰ/সুৰক্ষাৰ দাবীৰে আন্দোলনত ব্যস্ত অনুষ্ঠান, প্ৰতিষ্ঠানসমূহকো ৰাষ্ট্ৰৰ জাতীয় দিৱসত ৰাষ্ট্ৰীয় পতাকা উত্তোলনেৰে ৰাষ্ট্ৰীয় বীৰ-বীৰাংগনাসকলক কৃতজ্ঞচিত্তেৰে শ্ৰদ্ধা তৰ্পণ কৰিবলৈ আহ্বান জনাইছে ‘জেএফএ’ই৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here