প্ৰেছ ক্লাৱত দেশপ্ৰেমমূলক দৃশ্য-শ্ৰাৱ্য চিডি উন্মোচন

0
73

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী,১৪ আগষ্টঃ সমাগত স্বাধীনতা দিৱস । স্বাধীনতা দিৱসলৈ মাজত মাথো এটি দিন, কাইলৈ সমগ্ৰ দেশে উদযাপন কৰিব ৭৩ সংখ্যক স্বাধীনতা দিৱস।

স্বাধীনতা দিৱসৰ লগত সংগতি মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত হেমলেট প্ৰডাকচনৰ নিবেদন তথা কণ্ঠ শিল্পী মহম্মদ আনোৱাৰ আৰু অজন্তা গোস্বামীৰ দেশপ্ৰেমমূলক গীতৰ দৃশ্য-শ্ৰাৱ্য সংকলন ‘মেৰে দেশ কে ল’গো’ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।

মূলতঃ এজন সৈনিকৰ জীৱন তথা দেশৰ প্ৰতি দায়িত্ব কৰ্তব্য নিষ্ঠাৰ ওপৰত ৰচিত গীতত অভিনয় কৰিছে মহম্মদ আনোৱাৰ আৰু ৰেখা দাসে।

আজি বিয়লি গুৱাহাটী প্ৰেছ ক্লাৱত আনুষ্ঠানিকভাৱে গীতৰ সংকলনটি উন্মোচন কৰি এই কথা ব্যক্ত কৰে মহম্মদ আনোৱাৰে৷মহম্মদ আনোৱাৰৰ কথা আৰু সুৰেৰে উন্মোচিত গীতৰ সংকলনটিৰ সংগীত ব্যবস্থাপনা বিকাশ বৰুৱাৰ।

উন্মোচনী অনুষ্ঠানত লেখিকা,সাংবাদিক মনীষা শর্মাকে ধৰি আন বহুজন উপস্থিত থাকে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here