৭৩ সংখ্যক স্বাধীনতা দিবস উপলক্ষে প্ৰাগনিউজৰ ব্যতিক্ৰমী অনুষ্ঠান

0
20

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটীৰ পৰা মনোজ ডেকা,১৪ আগষ্টঃ দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিবস উপলক্ষে সামাজিক দায়বদ্ধতাক আগস্হান দি প্ৰাগনিউজ আৰু এম টেলিভিছনৰ তৰফৰ পৰা সম্পূৰ্ণ অগতানুগতিক ভাবে স্বাধীনতা দিৱসৰ প্ৰস্তুতি চলোৱা হৈছে ৷

অহা কাইলৈ প্ৰাগনিউজৰ চৌহদত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লগতে স্বাধীনতা উপলক্ষে মুকলি কৰা হ’ব সামাজিক অভিযান ৷

প্লাষ্টিকৰ পৰা মুক্তি,লিংগ বৈশম্যৰ পৰা মুক্তি আৰু হতাশ তথা বিমৰ্ষতাৰ পৰা মুক্তি এতি মূল বিষয়ৰ ওপৰত আজি কাৰ্যালয় চৌহাদত এক অনুষ্ঠানৰ আয়োজন কৰা হয় ৷

ইয়াত বিশেষকৈ প্ৰদূষণ সমস্যা, লিংগ সমতা, পুৰুষ তান্ত্ৰিক দমনমূলক নীতি আৰু ইয়াৰ বিপৰীতে ভুৱা নাৰীবাদ, নাৰীৰ অধিকাৰ অপপ্ৰয়োগ, হতশা উদ্ধিগ্নতা, ছ’চিয়েল মিডিয়া তল কৰা সমাজত বৃদ্ধি পোৱা আত্মহত্যাৰ প্ৰবনতা সৃষ্টিৰ উদ্দেশ্যই অনুষ্ঠানটো অনুষ্ঠিত কৰা হৈছিল৷

প্লাষ্টিক মুক্ত কৰাৰ বাবে ইতিমধ্যে এক সজাগতা অনুষ্ঠান প্ৰাগ নিউজৰ তৰফৰ এক দৃৰ্হ সংকল্প লোৱা হৈছে ৷ প্ৰাগ নিউজে অনুষ্ঠিত কৰা এই ব্যতিক্ৰমী অনুষ্ঠানত বিশিষ্ট ব্যক্তি হিচাপে বিশিষ্ট মানসিক চিকিৎসক ডাঃ জয়ন্ত দাস, জনপ্ৰিয় অভিনেতা কপিল বৰা, মোহময়ী অভিনেত্ৰী জেৰিফা ৱাহিদ, প্ৰাগ নিউজৰ মুখ্য সম্পাদক তথা বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভুঞা উপস্থিত থাকি মানুহৰ মাজত কেনেকৈ সজাগতা সৃষ্টি কৰিব পাৰি এই সন্দৰ্ভত বক্তৃতা প্ৰদান কৰে৷

উল্লেখযোগ্য যে প্ৰাগ নিউজৰ পৰিচালনা সন্চালক সঞ্জীৱ নাৰায়ণ সাংবাদিক আফ্ৰিদা হুছেইন সহ ভালে সংখ্যক গণ্যমান্য ব্যক্তি আজিৰ অনুষ্ঠানত উপস্থিত থাকে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here