কবি মনীষা শৰ্মাক সম্বৰ্ধনা

0
23

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী,১৭ আগষ্টঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো বৃহস্পতিবাৰে ভিন্ন স্থানত স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি গীত মাতৰ লগতে সম্বৰ্ধনা সভা অনুষ্ঠিত কৰা হয়। মহানগৰীৰ জালুকবাৰী কেন্দ্ৰীয় নাগৰিক সমিতিৰ উদ্যোগতো জালুকবাৰী উৰণীয়া সেতুৰ তলত স্বাধীনতা দিৱস উপলক্ষে পতাকা উত্তোলনৰ লগতে এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়।

অনুষ্ঠানত কবি, লেখিকা, বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত মনীষা শৰ্মাক বিশেষ ভাবে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

ইতিমধ্যে নিজৰ কৰ্মৰাজিৰে জনপ্ৰিয়তা লাভ কৰা মনীষা শৰ্মাই বিভিন্ন অনুষ্ঠানৰ পৰা সন্মানিত হোৱা কথা ব্যক্ত কৰি উদ্যোগতা সকলে মনীষা শৰ্মাৰ সামাজিক জীৱনৰ উত্তৰণ কামনা কৰি দিয়া বঁটা গ্ৰহণ কৰে কামৰূপ মহানগৰ সাহিত্য সভাৰ সভানেত্ৰী, লেখিকা তথা আদৰ্শ মাতৃ মৃনালিনী দেৱীৰ পৰা

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here