ড্ৰাগছ আৰু ধঁপাতৰ ভয়াৱহতাৰ ওপৰত সজাগতামূলক বাটৰ নাট

0
5

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজি পৰা ললিত শইকীয়া,১৭ আগষ্টঃ ধেমাজিৰ এটি অন্যতম আগশাৰীৰ অগ্ৰণী নাট্যানুষ্ঠান ধেমাজি নাট্য মন্দিৰ সহযোগত ধেমাজি জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ উদ্যোগত আজি জিলাখনৰ বিভিন্ন স্থানত ড্ৰাগছ আৰু ধঁপাতৰ ভয়াৱহতাৰ ওপৰত সজাগতামূলক বাটৰ নাট সুন্দৰকৈ প্ৰদৰ্শন কৰে।

বিভিন্ন সময়ত বিভিন্ন স্থানত মঞ্চ নাট, বাটৰ নাট,নাট কৰ্মশালা আয়োজন কৰি ৰাইজৰ মাজত বিপুল সমাদৰ লাভ কৰি অহা একমাত্ৰ নাট্য নুষ্ঠানটিয়ে ধেমাজি জিলা ৰাইজক ড্ৰাগছ আৰু ধপাত পৰা বিৰত থাকিব বাবে আজি ধেমাজি জিলা উপয়ুক্ত কাৰ্য্যালয় চৌহদত নাট্য মন্দিৰ দলটিয়ে নাট প্ৰদৰ্শন কৰে।

উল্লেখ্য যে নাট্য মন্দিৰ পৰিচালক মহোদয়ে কয়, যোৱা ৫ জুলাইৰ পৰা অনুষ্ঠিত কৰা নাট কৰ্মশালাৰ সামৰণি অনুষ্ঠান হিচাবে প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা অভিনীত নাট যোগ্য-ভোগ্য বসুন্ধৰা নামৰ এখনি পুৰ্ণাঙ্গ নাট অহা ২২ আগষ্ট বৃহস্পতিবাৰে ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰিবলৈ আয়োজন কৰিছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here