প্ৰাগজ্যোতিষ বাৰ্তা,শিৱসাগৰ হাঁহচৰাৰ পৰা মুকুল বাইলুং,১৭ আগষ্টঃ শিৱসাগৰ জিলাৰ বেতবাৰী মৌজাৰ অন্তৰ্গত লাচিত গাওঁ পঞ্চায়তৰ উদ্যোগত স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি দিন যোৰা কাৰ্য্যসূচীৰে বালিবাট চাৰিআলিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ৰং তুলিকা আৰু কবিতা আবৃত্তি প্ৰতিযোগিতাৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈ যায়।
স্বাধীনতা দিৱসৰ কাৰ্য্যসূচী অনুসৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে লাচিত গাওঁ পঞ্চায়তৰ সভানেত্ৰী সুৰভি চেতিয়া গগৈয়ে,ইয়াৰ পিছতেই অনুষ্ঠিত হোৱা ৰং তুলিকা আৰু কবিতা আবৃত্তি প্ৰতিযোগিতাৰ শুভউদ্বোধন কৰে বিশিষ্ট আবৃত্তিকাৰ, শিক্ষক অশোক কটকী।
ইয়াৰ পিছতেই সুৰভি চেতিয়া গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি তথা বঁটা বিতৰণী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে পঞ্চায়তৰ কেইবাগৰাকী সদস্য আৰু স্থানীয় জ্যেষ্ঠ ব্যক্তিৰ লগতে মুকলি সভাৰ আসন কলংকৃত কৰা আবৃত্তিকাৰ অশোক কটকী ,বাঁহগড় কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰবক্তা ববিতা কোঁৱৰ, শিক্ষক বগীতৰা বুঢ়াগোহাঁই খেলুৱা গাওঁ পঞ্চায়তৰ সচিব জিতুল চেতিয়া।
অনুষ্ঠানটোৰ আঁতধৰে লাচিত গাওঁ পঞ্চায়তৰ সচিব জিতুল চেতিয়াই। দুয়োটা প্ৰতিযোগিতাত শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।
ৰংতুলিকা প্ৰতিযোগিতাৰ বিচাৰকৰ গুৰু দায়িত্ব পালন কৰে চিত্ৰ শিল্পী ৰিদিপ বৰুৱাই।
ৰং তুলিকা প্ৰতিযোগিতাৰ ফলাফল গৌৰৱ চেতিয়াই প্ৰথম স্থান, আদিত্য গগৈয়ে দ্বিতীয় আৰু স্বাগতা গগৈয়ে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় ।
৭৩ সংখ্যক স্বাধীনতা দিৱসটো ছাত্ৰ-ছাত্ৰীসকলক সাহিত্য সাংস্কৃতিক দিশত অকনমান আগুৱাই নিয়া যি প্ৰয়াস কৰা হয়। সদৌ শেষত প্ৰতিযোগিতাত স্থান পাপ্ত ছাত্ৰ-ছাত্ৰীক মান-পত্ৰ, বঁটাসমূহ প্ৰদান কৰি দিনটোৰ কাৰ্যসূচীৰ সামৰণি পৰে।