স্বাধীনতা দিৱসৰ দিনাই হাঁহচৰাবাসী ৰাইজৰ প্ৰশংসনীয় পদক্ষেপ, অকৰ্মণ্য গড়কাপ্তানী বিভাগলৈ বাট নাচাই নিজে স্পীডব্ৰেকাৰত ৰং সানি দুৰ্ঘটনা ৰোধৰ প্ৰচেষ্টা গ্ৰহণ

0
5

প্ৰাগজ্যোতিষ বাৰ্তা,শিৱসাগৰ হাঁহচৰা, ১৭আগষ্টঃ চেৰেকাপাৰ গাওঁ পঞ্চায়তৰ সভাপতি পংকজ চেতিয়া, হাঁহচৰা প্ৰেছ ক্লাবৰ সম্পাদক দেৱজ্যোতি বৰুৱা, সমাজকৰ্মী ৰবীন বৰুৱা, জীবন বৰুৱা, পঞ্চায়তৰ বিষয়ববীয়া স্থানীয় ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সহযোগত ব্যৱস্থা গ্ৰহণ কৰে।

শিৱসাগৰ-নাজিৰা সংযোগী পথত অকৰ্মণ্য গড়কাপ্টানী বিভাগে  হাঁহচৰা  উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত অপৰিকল্পিতভাৱে নিৰ্মাণ  কৰা স্পিড্ ব্ৰেকাৰত নিয়ন্ত্ৰণ হেৰুৱাই বহুলোক দূৰ্ঘটনাত পতিত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হৈছে।

উল্লেখ্যযোগ্য যে, বিগত কেইবছৰমান পূৰ্বে জনপ্ৰিয় কণ্ঠ শিল্পী দেৱজিৎ বড়াৰ গাড়ীৰ সৈতে বিপৰীত দিশৰ পৰা বিদ্যালয়লৈ আহি থকা অৱস্থাত হাঁহচৰা অঞ্চলৰ দুগৰাকীকৈ ছাত্ৰী দুৰ্ঘটনাত পতিত হৈ বৰ্তমান পংগু জীৱন যাপন কৰি আছে।

আনহাতে বিগত দিনত বহুতো লোক এই পথছোৱাতে দূৰ্ঘটনাত পতিত হৈ আহিছে। গুৰুত্বপূৰ্ণ পথছোৱা বহুদিনৰ পৰা পথচাৰীৰ বাবে মৰণ ফাণ্ডলৈ পৰিণত হৈছে। এই ব্যস্ত পথেৰেই দৈনন্দিন পথচাৰীৰ লগতে অ.এন.জি.চি’ৰ গধুৰ যান-বাহন অহা-যোৱা কৰি থাকে।

শিৱসাগৰ-নাজিৰা সংযোগী এই গুৰুত্বপূৰ্ণ পথছোৱাৰ লগতে কুজিবালিৰ পৰা হাৰিপৰা আলিলৈকে অপৰিকল্পিতভাৱে নিৰ্মান কৰা স্পিড্ ব্ৰেকাৰ আৰু য’তে ত’তে হোৱা গাঁত অতি শীঘ্ৰে সু-পৰিকল্পিতভাৱে ৰাইজৰ বাবে সুচল হোৱাকৈ নিৰ্মাণ নকৰিলে ক্ষোভিত ৰাইজে  পথ বন্ধৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here