ধৰা সেউজী কৰাৰ সংকল্পেৰে ৭৩ তম স্বাধীনতা দিৱস উদযাপন লংকাৰ এটি স্বেচ্ছাসেৱী সংগঠনৰ

0
7

প্ৰাগজ্যোতিষ বাৰ্তা,লংকা,১৭ আগষ্টঃ দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ উলহ-মালহৰ মাজতে “ধৰা সেউজী” কৰাৰ সংকল্পৰে লংকাৰ এটি বে-চৰকাৰী স্বেচ্ছাসেৱী সংগঠনে বৃক্ষৰোপণ কাৰ্যসূচীৰে জনসচেতনতা বৃদ্ধিৰ পদক্ষেপ হাতত লয়।

বৃক্ষৰোপণ কাৰ্যসূচী হাতত লৈ প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰাৰ পদক্ষেপ গ্ৰহণ কৰি অহা “কিৰণ” নামৰ বে-চৰকাৰী স্বেচ্ছাসেৱী সংগঠনটোৱে অঞ্চলটোৰ লস্কৰ পথাৰ সেউজী কৰাৰ উদ্দেশ্যেৰে প্ৰতিবছৰে বিভিন্ন শিক্ষানুষ্ঠান,ধৰ্মীয় অনুষ্ঠান আৰু চৰকাৰী কাৰ্যালয়ত এনে কাৰ্যসূচী গ্ৰহণ কৰি ৰাইজৰ শলাগ ল’বলৈ সক্ষম হৈছে।

 

ইপিনে,স্বেচ্ছাসেৱী সংগঠনটোৰ এই বৃক্ষৰোপণ কাৰ্যসূচীত দক্ষিণ নগাঁও বন সংমণ্ডল প্ৰাধিকাৰীৰ লগতে লংকা মহাবিদ্যালয়ৰ অধ্যক্ষ,লংকা বি.এড. কলেজৰ অধ্যক্ষকে ধৰি বহু গন্যমান্য লোক উপস্থিত থাকি বৰ্তমান গোলকীয় উষ্ণতা বৃদ্ধিৰ এই পৰিৱেশত বৃক্ষৰোপনৰ প্ৰয়োজনীয়তা সম্পৰ্কে ব্যাখ্যা আগবঢ়াই স্বেচ্ছাসেৱী সংগঠনটোৰ শলাগ লয়।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here