গুৱাহাটীত ইন্ডিয়ান বেংকৰ আলোচনা চক্ৰ

0
6

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী,১৯ আগষ্টঃ ভাৰত চৰকাৰ বিত্তীয় মন্ত্ৰালয়ৰ নিৰ্দেশ মৰ্মে ১৭ আগষ্টত গুৱাহাটী মহানগৰীৰ পল্টনবজাৰ স্হিত হোটেল ৰাজমহলত ইন্ডিয়ান বেংকৰ প্ৰবন্ধকসকলৰ এক আলোচনা চক্ৰ অনুস্হিত হয়৷

দেশৰ বিত্তীয় ব্যৱস্হা জনসাধাৰণৰ মাজত অধিক সম্প্ৰাসাৰণ কৰাৰ বাবে ইন্ডিয়ান বেংকে এনেকুৱা পদক্ষেপ গ্ৰহণ কৰিছে৷

ৰাজ্যৰ ৪৯ টা বেংকৰ প্ৰবন্ধকসকলে অংশগ্ৰহণ কৰা আলোচনা চক্ৰখনত ফিল্ড জেনেৰেল মেনেজাৰ তন্ময় দেই চৰকাৰে বিশিষ্ট অতিখি হিচাপে উপস্থিত থাকি ৪৯ টা বেংক প্ৰবন্ধকৰ বিভিন্ন সমস্যাৰ বুজ লয়৷

লগতে মুদ্ৰালোন পি এছ বি লোন সন্দৰ্ভত বিসদভাৱে আলোচনা কৰে৷

ইপিনে অন্য এগৰাকী ফিল্ড মেনেজাৰ ভেঙ্কাতেচা পেৰুমল উপস্থিত থাকি জনসাধাৰণৰ মাজলৈ কেনেকৈ বেংকসমূহে অধিক সক্ৰিয়ভাৱে কাম কৰিব পাৰে সেই বিষয়ে প্ৰবন্ধকসকলক বিশদভাৱে বাখ্যা কৰে৷

উল্লেখযোগ্য যে আলোচনা চক্ৰখনৰ জৰিয়তে প্ৰৱন্ধকসকলৰ সমেস্যাসমূহ বেংকৰ উৰ্ধতম কৰ্তৃপক্ষৰ জৰিয়তে ভাৰত চৰকাৰৰ বিত্তীয় মন্ত্ৰালয়ক অৱগত কৰিব বুলি সংবাদ মাধ্যমক জনায়৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here