ড৹ টাবুৰাম টাইডৰ নশ্বৰ দেহৰ ৰাজ্যিক মৰ্য্যদাৰে সম্পন্ন শেষদৃত্য

0
7

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজী,১৯ আগষ্টঃ অসমৰ সমাজ জীৱনৰ পৰা এক নক্ষত্র হেৰাই যোৱাত অসমৰ লগতে ধেমাজি আৰু লখিমপূৰ জিলাৰ ৰাইজ দুখত ভাগি পৰিছে।

ড৹ টাবুৰাম টাইড দীৰ্ঘদিন অসুস্থতাত ভূগি থকাৰ পিচত অৱশেষত গুৱাহাটীৰ এপল চিকিৎসালয়ত শনিবাৰে পুৱা ৭-৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে।

ড৹ টাবুৰাম টাইড ঘূনাসুতি অঞ্চলত জন্ম গ্ৰহণ কৰিছিল আৰু কৰ্মসূত্রে গুৱাহাটী বেলতলাৰ বাসীন্দা আছিল।

বৰ্তমানে অসমৰ সু-সন্তান লগতে বিশিষ্ট শিক্ষাবিদ, ভাষা সাহিত্য সংস্কৃতি গবেষক আৰু সাহিত্যিক ৰূপে পৰিচিত।

দেওবাৰে ধেমাজি জিলা গোগামূখ মিছিং কৃষ্টি ভৱনট এক বিশাল সভা পাতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ধেমাজি জিলা বিধায়ক ড৹ ৰনোজ পেগু, ধেমাজি জিলা উপয়ুক্ত মানভেন্দ্ৰ প্ৰতাপ সিং, জিলা আৰক্ষী অধ্যক্ষ লগতে ধেমাজি আৰু লখিমপূৰ জিলাৰ বিভিন্ন জাতীয় দল সংগঠনে শ্ৰদ্ধাঞ্জলি জনাইছে ।

মিছিং কৃষ্টি ভৱন পাঙ্গণত ড০ টাইডৰ নশ্বৰ দেহ ৰাজ্যিক মৰ্যাদাৰে শেষদৃত্য সম্পন্ন কৰা হয়।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here