শ্ৰীগুৰু নানাকৰ জন্ম জয়ন্তী উপলক্ষে শ্ৰীগুৰু গ্ৰন্থ চাহিবক লৈ শিখ সমাজৰ ধৰ্মীয় সমদল হোজাই জিলাৰ লংকাত উপস্থিত হয়ঃ ২৩ আগষ্টৰ পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে নগাঁৱত অনুষ্ঠিত হ’ব গুৰুনানক দেৱৰ ৫৫০ সংখ্যক জন্মজয়ন্তী

0
6

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ১৯ আগষ্টঃ গুৰুনানক দেৱৰ ৫৫০ সংখ্যক জন্মজয়ন্তী উপলক্ষে শনিবাৰ ধুবৰী জিলাৰ পৰা শিখ সমাজে উলিওৱা ধৰ্মীয় সমদলকাৰীৰ দলটো সোমবাৰে লংকাত উপস্থিত হয়।

পুৱা ৮ মান বজাত সমদলকাৰীৰ দলটো গুৰুনানক দেৱৰ মহান বানী লৈ তথা ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে হোজাই জিলাৰ লংকাত পৰিভ্ৰমণ কৰি স্থানীয় গুৰুদ্বাৰত উপস্থিত হয়।

পিছত পৰম্পৰা নিয়ম অনুসৰি শিখ সমাজৰ লোকসকলে গুৰুদ্বাৰত উপস্থিত হৈ প্ৰাৰ্থনাত অংশ গ্ৰহণ কৰে।

লংকা খালছা সেৱা সংঘৰ নেতৃত্বত এই ধৰ্মীয় সমদলকাৰীৰ দলটো গুৰুনানকৰ মহান বানী লৈ মানৱ সমাজৰ শান্তি কামনাৰে অসমৰ আটাইকেইখন জিলা ভ্ৰমণ কৰি অহা ২৩ আগষ্টত নগাঁৱৰ গুৰুদ্বাৰ সাহীৱত উপস্থিত হ’ব৷ অহা ২৩ আগষ্টৰ পৰা নগাঁৱৰ গুৰুদ্বাৰ সাহীৱত তিনিদিনীয়া কাৰ্য্যসূচীৰে গুৰুনানকৰ ৫৫০ সংখ্যক জন্মজয়ন্তী উদযাপন কৰা হ’ব।

গুৰুনানকৰ বানীক সৰগত কৰি অনৈক্যৰ মাজতো মানৱ সমাজক একতাৰ ডালেৰে বান্ধি ৰখাৰ বাবে গুৰুজনাৰ উক্ত জন্মজয়ন্তী অনুষ্ঠানত সকলোৰে উপস্থিতি কামনা কৰিছে শিখ সমাজে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here