নাজিৰাত জনপ্ৰিয় কণ্ঠ শিল্পী জুবিন গাৰ্গ, উদ্দেশ্য তেওঁৰ নতুন ছবি ‘কাঞ্চনজঙ্ঘা’ৰ প্ৰচাৰ

0
6

প্ৰাগজ্যোতিষ বাৰ্তা,শিৱসাগৰ হাঁহচৰাৰ পৰামুকুল বাইলুং, ১৯ আগষ্টঃ মুক্তিৰ অপেক্ষাত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ পৰিচালিত তৃতীয়খন অসমীয়া বোলছবি ‘কাঞ্চনজঙ্ঘা’। অহা ৬ ছেপ্টেম্বৰত মুক্তি লাভ কৰিব জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ পৰিচালিত অসমীয়া বোলছবি ‘কাঞ্চনজঙ্ঘাই’।

বৰ্তমান জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ ব্যস্ত হৈ পৰিছে ‘কাঞ্চনজঙ্ঘা’ বোলছবিখনৰ প্ৰচাৰক লৈ। শুক্ৰবাৰে তিনিচুকীয়া,শনিবাৰে ডিব্ৰুগড়ৰ পিছত আজি দেওবাৰে নাজিৰাত অৱস্থিত নাজিৰা বোলছবি গৃহত উপস্থিত হয় জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ সহ ‘কাঞ্চনজঙ্ঘা’ৰ টীম।

নাজিৰা বোলছবি গৃহত উপস্থিত হৈ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে ‘কাঞ্চনজঙ্ঘা’ বোলছবিৰ বিভিন্ন সংলাপ, ‘কাঞ্চনজঙ্ঘা’ বোলছবিখনৰ গীত পৰিৱেশনৰ লগতে বোলছবিখনত অভিনয় কৰা চৰিত্ৰসমূহকো নাজিৰা বোলছবি গৃহত উপস্থিত জুবিন অনুৰাগীসকলৰ আগত চিনাকি কৰাই দিয়ে।

ইয়াৰ উপৰিও জনপ্ৰিয় কণ্ঠশিল্পীজনে ছবিখনৰ আজি সন্ধিয়ালৈ মুক্তি পাবলগীয়া দ্বিতীয়টো গীত নাজিৰাবাসী ৰাইজৰ আগত পৰিৱেশন কৰে। ‘মোৰ কোনো জাতি নাই,মোৰ কোনো ধৰ্ম নাই’! ‘কাঞ্চনজঙ্ঘা’ৰ এটি সুন্দৰ সংলাপ ৰাইজৰ আগত আগবঢ়ায়।

নাজিৰা বাসীৰ ৰাইজৰ উপস্থিতিৰে ‘কাঞ্চনজঙ্ঘা’ অসমীয়া বোলছবিখনৰ প্ৰচাৰ অনুষ্ঠানটি জীপাল কৰি তোলাৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান ব্যক্তি বিশেষৰ তৰফৰ পৰা জনপ্ৰিয় কণ্ঠশিল্পীজনৰ লগতে কাঞ্চনজঙ্ঘা টীমটোক সম্বৰ্ধনা জনায়।

নাজিৰা ছবিগৃহত ‘কাঞ্চনজঙ্ঘা’ বোলছবিখনে বিশেষ সফলতা অৰ্জন কৰিব বুলি আশা কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ লগতে কাঞ্চনজঙ্ঘা টীমটোৱে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here