নৱগঠিত মইনা পাৰিজাতৰ শাখা উদ্বোধন

0
11

প্ৰাগজ্যোতিষ বাৰ্তা,শিৱসাগৰ,হাঁহচৰা, ১৯ আগষ্টঃ শিৱসাগৰ জিলাৰ চণ্টক পাঁচ আলিস্থিত আদৰ্শ বিদ্যাপীঠত, চণ্টক বিহুবৰৰ এক বৃহৎ অঞ্চল জুৰি ছাত্ৰ-ছাত্ৰীসকলক লৈ প্ৰথমবাৰ গঠন কৰা একমাত্ৰ শিশু অনুষ্ঠান ‘মইনা পাৰিজাত’ৰ এটি শাখা শুভ উদ্বোধন কৰা হয়।

শাখাটিৰ নামকৰণ কৰা হয় ‘গীতপ্ৰিয়া মইনা পাৰিজাত’।

চণ্টক পাঁচআলি মজদুৰ প্ৰাথমিক বিদ্যালয়ৰ সহঃ শিক্ষয়িত্ৰী মিতালী শৰ্মা আৰু চণ্টক জুনিয়ৰ কলেজৰ অধ্যক্ষ কেশৱ দাসে আঁতধৰা অনুষ্ঠাটি মুকলি কৰে স্থানীয় অৱসৰপ্ৰাপ্ত শিক্ষক মঃ নেকিবুৰ আহমেদে।

অনুষ্ঠানত উপস্থিত থাকে বিদ্যালয়ৰ প্ৰধান শিক্ষক দেৱেন চৌধৰী, তেখেতে ভাষণত উল্লেখ কৰে যে এই অনুষ্ঠানটিয়ে পিছ পৰা অঞ্চলটিৰ শিশুসকলৰ সৰ্বাংগীন উন্নতিত এক সুন্দৰ পদক্ষেপ আৰু সাহিত্য সাংস্কৃতিক দিশত শিশুসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত এটি অভাৱ পুৰণ হোৱাৰ কথাও অৱগত কৰে।

অনুষ্ঠানত ৰাইজৰ বিপুল সঁহাৰিত উদ্যোক্তাসকল উৎসাহিত হয়। কণ কণ শিশুসকলৰ স্বতঃৰ্স্ফুত অংশ গ্ৰহণত সকলো আপ্লুত হয়।

শিৱসাগৰ জিলাৰ অতি ভিতৰুৱা অঞ্চলত মইনা পাৰিজাতৰ শাখা গঠন হোৱাত অঞ্চলবাসী গৌৰৱান্বিত।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here