এন আৰ চি সম্পৰ্কত প্ৰতিবাদী সমদলেৰে গুৱাহাটীৰ ৰাজপথ কঁপালে হিন্দু জাগৰণ মঞ্চ, অসমেঃ স্মাৰক পত্ৰ প্ৰদান কৰিলে ৰাজ্যিক সমন্নয়ক প্ৰতীক হাজেলাক

0
35

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী,১৯ আগষ্টঃ যোৱা ১৭ আগষ্টৰ দুপৰীয়া প্ৰায় ১১ বজাত হিন্দু জাগৰণ মঞ্চ, অসমৰ সভাপতি মৃনাল লস্কৰৰ নেতৃত্বত গুৱাহাটীৰ এছ বি ডেওৰা মহাবিদ্যালয়ৰ সমীপৰ পৰা আৰম্ভ হোৱা ১৫ শৰো অধিক জনতাই অংশ গ্ৰহণ কৰা এক বিশাল প্ৰতিবাদী সমদলে আগবাঢ়ি গৈ উলুবৰীস্থ এন আৰ চি কৰ্যালয় ঘেৰাও কৰে৷

এখন সম্পূৰ্ণ শুদ্ধ এন আৰ চি প্ৰকাশৰ দাবীৰে তথা অসমৰ বিভিন্ন ঠাইত তালিকাৰ পৰা খিলঞ্জীয়াৰ নাম বাদ পৰাৰ প্ৰতিবাদেৰে সমদলকাৰীসকলে এন আৰ চি কাৰ্যালয়ৰ সন্মুখত উত্তাল পৰিবেশৰ সৃষ্টি কৰে৷

প্ৰতিবাদকাৰীসকলে আনকি এন আৰ চিৰ ৰাজ্যিক সমন্নয়ক প্ৰতীক হাজেলাৰ পৰা এন আৰ চিৰ বাবত কেন্দ্ৰৰ পৰা লাভ কৰা ১৪০০ কোটি টকাৰ প্ৰকৃত খতিয়ান ৰাইজক অৱগত কৰাৰো দাবী উত্থাপন কৰে৷

সেই সময়ত প্ৰতীক হাজেলা এন আৰ চি কাৰ্যালয়তে আছিল যদিও ওলায় নাহিল, প্ৰতিবাদকাৰীসকলে বিভাগীয় কৰ্তৃপক্ষৰ জড়িয়তে হাজেলালৈ বিভিন্ন দাবী সম্বলিত স্মাৰক পত্ৰ এখন প্ৰেৰণ কৰে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here