প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটীৰ পৰা মনোজ ডেকা, ১৯ আগষ্টঃ ভেহিকল ট্ৰেকিং সজুলি নিৰ্মাণ কৰি অহা অগ্ৰণী আই অ টি ছলিউচন প্ৰতিষ্ঠান ট্ৰেক অন টেলে উত্তৰ পুৰ্বাঞ্চলৰ বাবে অলপতে ইন্টেলিপ্ল এক্সটিমো মুকলি কৰে ৷
এইক্ষেত্ৰত অসম তথা উত্তৰ পুৰ্বাঞ্চলত পৰিসৰ বৃদ্ধিৰ বাবে প্ৰতিষ্ঠানটোৱে ইতিমধ্যে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৷
আজি মহানগৰীত অনুষ্ঠিত এক সংবাদমেলত প্ৰতিষ্ঠানটোৰ সহযোগী প্ৰতিষ্ঠাপক তথা চি ই অ’ প্ৰাঞ্চা গুপ্তাই কয় যে, যিয়ে সকলো সময়তে গাড়ী এখনৰ গতি বিধিৰ সৈতে সংযুক্ত ৰখাৰ গুৰুত্ব পূৰ্ণ ভুমিকা পালন কৰে তেওঁলোকে ইন্টেলিপ্ল এক্সট্ৰিমত এবছৰীয়া ছাৱক্ৰিপচন ল’ব পৰা সুবিধা উপলব্ধ হ’ব ৷
যি কোনো সময়ত সংকেত প্ৰদান কৰিব পৰাকৈ ইয়াত সন্নিবিষ্ট টু ৱে ভয়চ কলিং ব্যৱস্থা আছে বুলি তেওঁ উল্লেখ কৰে ৷
সংবাদমেলত প্ৰতিষ্ঠানটোৰ চি ই অ’ ঝতু গুপ্তাই কয় যে ২০২০ বিত্তীয় বৰ্ষালৈকে উত্তৰ পুৰ্বাঞ্চলত ব্যৱসায়ৰ পৰিসৰ এক কোটিলৈ বৃদ্ধি কৰিব ট্ৰেক এন টেলে ৷
তেওঁ লগতে কয় যে দেশ বিদেশৰ বজাৰৰ বাবে আধুনিক গাড়ীৰ সুৰক্ষাৰ সমধান প্ৰস্তুত কৰি আহিছে প্ৰতিষ্ঠানটোৱে ৷
এতিয়াৰ পৰা গাড়ীৰ গৰাকীসকলে তেওঁলোকৰ গাড়ীসমূহ গুগল মেপছৰ দৰে ডিজিটেল মানচিত্ৰত পি চি আৰু স্মৰ্ট ফোনত দেখিবলৈ পাব বুলি তেওঁ উল্লেখ কৰে উল্লেখ্য যে সংবাদমেলখনত প্ৰতিষ্ঠানটোৰ কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে ৷