শিশুৰ সৈতে এটা বিশেষ দিন

0
5

প্ৰাগজ্যোতিষ বাৰ্তা,শিৱসাগৰ,হাঁহচৰাৰ পৰা মুকুল বাইলুং, ২০ আগষ্টঃ থাওৰা জাপি সজীয়া ৰাইজৰ সহযোগত পথিকৃতৰ উদ‍্যোগত ৩১ আগষ্ট শনিবাৰে চুপাতফা ভৱনত থাওৰা দ’ল, শিৱসাগৰে দিনযোৰা কাৰ্য্যসূচীৰে শিশুৰ সৈতে এটা বিশেষ দিন পাৰ কৰাৰ কাৰ্য্যসূচী হাতত লোৱা হৈছে।

শিশুসকল দেশৰ ধৰণী স্বৰূপ, তেওঁলোকক সমাজৰ জ‍্যেষ্ঠজনে বা গুণী জ্ঞানীসকলে সঠিক পথ দেখুৱাই দিয়াৰ দায়িত্ব।শিশুসকলক আনুষ্ঠানিক শিক্ষাৰ সমান্তৰালকৈ খেলা-ধুলা, সাহিত্য-সাংস্কৃতিক দিশত আগুৱাই নিলে এখন সুস্থ সমাজ আশা কৰিব পাৰি।

সেই উদ্দেশ্যে পথিকৃতৰ উদ‍্যোগত ইতিমধ্যে বহুকেইটা কাৰ্য্যসূচী গ্ৰহণ কৰি আহিছে।

৩১ আগষ্ট পুৱা গছপুলি ৰোপণ, পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, ১০ বজাৰ পৰা মুকলি চিত্ৰাংকন প্ৰতিযোগিতা,১১-৩০ বজাৰ পৰা বক্তৃতা প্ৰতিযোগিতা বিষয়- ‘আমি আৰু আমাৰ পৰিৱেশ’ দুটা শাখাত অনুষ্ঠিত কৰা হ’ব “ক” শাখাত দ্বিতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ, “খ” শাখাত ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ।

দুপৰীয়া ১২-৪৫ বজাৰ পৰা কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব।কুইজ প্ৰতিযোগিতাৰ দুটা শাখাত অনুষ্ঠিত কৰা হ’ব ” ক” শাখাৰ পঞ্চম শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈ।

“খ” শাখাত অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ । কুইজ প্ৰতিযোগিতা পৰিচালনা কৰিব প্ৰদীপ কুমাৰ গগৈ আৰু হোমেন ৰাজবংশীয়ে।

বিয়লি ২-৩০ বজাত এক শোভাযাত্ৰা অনুষ্ঠান বিষয় ‘আমাৰ ভৱিষ্যত জীৱন আৰু ভৱিষ্যতৰ এখন সুস্থ সমাজ গঢ়াৰ বাবে, হে সমাজৰজ‍্যেষ্ঠ পথিকসকল, আমাৰ কথাহে শুনক।’

সন্ধিয়া ৬ বজাত শিশুসকলৰ দ্বাৰা অভিনীত দুখনকৈ শিশু নাট আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠান। মঞ্চস্থ হ’বলগীয়া নাট “পাৰিজাত বৃয়ককাং” ৰচনা আৰু পৰিচালনা নিলাঞ্জন মহন্ত।

‘ভগাই খালে আটি যায়, লুকাই খালে ঢ়ুকায় যায়’ পৰিচালনা আৰিফা হাজৰিকা আৰু ঋতুৰাজ চাংকাকতি।

দুখনকৈ শিশু নাট উপভোগ কৰাৰ পাছতে গীত-সুৰেৰে জীপাল হৈ উঠিব মঞ্চ – উদীয়মান শিশু শিল্পী ৰিতপল কাকতি আৰু কণ্ঠ শিল্পী বিমান চেতিয়াই গীতৰ শৰাই আগবঢ়াব।

দৰ্শকৰ উপস্থিতিত প্ৰতিযোগিতা স্থান-পাপ্তসকলক বঁটা সমূহ বিতৰণ কৰা হ’ব ।

উদযাপন সমিতিৰ সভাপতি বিনন্দ গগৈ যুটীয়া সম্পাদিকা মিতালী গগৈ আৰু নিপা গগৈয়ে দৰ্শকৰ উপস্থিতি কামনা কৰাৰ লগতে শিশুসকলক প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে।
আগতীয়া কৈ প্ৰতিযোগীসকলে যোগাযোগৰ সুবিধাৰ্থে এই নম্বৰত ৬০০০১৫৯৭৯২ যোগাযোগ কৰিব পাৰিব।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here