প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজি পৰা ললিত শইকীয়া, ২০ আগষ্টঃ ধেমাজি জিলা শিক্ষা খণ্ডৰ অধীনত থকা এখন প্ৰাথমিক বিদ্যালয় ।
বিদ্যালয়খনৰ প্ৰধান শিক্ষয়ত্রীৰ নিয়ম-নীতি আৰু বিদ্যালয়ৰ চৌহদ দেখিলে আপোনাৰ চকু কপালত উঠিব।
লিকাবালি এন চি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্রী গৰাকী দীপশিখা লাহন।বহু সময় ধৰি স্থানীয় ৰাইজে তেওঁ ওপৰত অভিযোগ উত্থাপন কৰি আহিছে ।কিন্তু গা লৰা নাই শিক্ষয়ত্রী গৰাকী ।
বিদ্যালয়ৰ চৌহদ জংঘলে ভৰপূৰ, এক কথাত ক’বলৈ গ’লে মিনি কাজিৰঙা বুলি ক’লেও ভুল নহ’ব।
আৰু উক্ত হাবিৰ চাফা কৰিব বাবে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ পৰা ২০/৩০ টকাকৈ লোৱাৰ প্ৰমাণ পোৱা যায়।
চৰকাৰ পৰা বিদ্যালয়ৰ মধ্যাহ্নৰ ভোজনৰ নামত অহা টকাসমূহ প্ৰধান শিক্ষয়ত্রীয়ে আত্মসাৎ কৰা বুলিও সচেতন ৰাইজে আলোচনা কৰিছে।
বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক সপ্তাহত ২ বা ৩ দিন আহাৰ দিয়েই দায়িত্ব সামৰে।লগতে আন্তঃগাঁথনিৰ টকাসমূহ বিভিন্ন অজুহাত আৰু বিভিন্ন নকল ভাঁওচাৰ দেখুৱাই ধন আত্মসাৎ কৰা পৰিলক্ষিত হৈছে।
অতি পৰিতাপৰ বিষয় যে সাংবাদিক অহাৰ অনুমান পাই ৰান্ধনীগৰাকীক মাতি আনিছিল যদিও দিন বেয়া আছিল, প্ৰধান শিক্ষয়ত্রীগৰাকীয়ে ৰান্ধনী শালত লগাই থোৱা তলাটোৰ চাবি বিচাৰি নাপালে। অৱশেষত শিল লৈ তলা ভাঙিব লগা দৃশ্য প্ৰত্যক্ষ হয়।
আৰু যি এবেগ চাউলৰ বস্তা আছে সিও ভেকূৰলৈ পৰিণত হৈছে।নাই যে নাই আহাৰ ৰান্ধিব বাবে গেছ অথবা কাঠ খৰি, উপায়হীন হৈ কাষৰ জেওৰা জপনা ভাঙি আনিবলৈ বাধ্য হ’ল।
ছাত্ৰ-ছাত্ৰীসকলক দিয়া শিক্ষাও যে উন্নত নহয় তাৰো এক উমান পোৱা যায়।এনেকৈ মইমতালীৰে বিদ্যালয় চলাই আছে প্ৰধান শিক্ষয়ত্রী দীপশিখা লাহনে।
ইয়াৰ পাছতো ধেমাজি জিলা প্ৰাথমিক শিক্ষা খণ্ড বিষয়াগৰাকীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে লক্ষ্যণীয় হ’ব।