প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজী,২০ আগষ্টঃ শাসনাধিষ্ঠিত চৰকাৰে উন্নয়ন জয়গান গাই থকা বিপৰীতে ধেমাজি জিলা বৰদলনি উন্নয়ন খণ্ডত অন্তৰ্গত মিলনপুৰ গাওঁখনত উন্নয়নৰ ফোপোলা স্বৰূপ দেখা গ’ল।
উক্ত গাওঁখনক ঢুকি পোৱা নাই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আঁচনি আৰু অনাময় আঁচনিখনে।
জানিব পৰা মতে, আজি ১০/১৫ বছৰে এই আঁচনিসমূহৰ পৰা বঞ্চিত হৈ আহিছে গাঁওখন।ইয়াকে লৈ মিলনপুৰ গাওঁ বাসীয়ে দুখ প্ৰকাশ কৰাৰ লগতে সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে শাসনাধিষ্ঠিত চৰকাৰক আহ্বান জনাইছে।
উল্লেখ্য যে উক্ত গাওঁখনত মুঠ ৪৮ টা পৰিয়ালে বসবাস কৰি আহিছে।অতি পৰিতাপৰ বিষয় যে গাওঁখনত চাকৰিয়াল ব্যক্তি এজন, বাকীসকল ব্যক্তি দৈনিক দিন হাজিৰা কৰি জীৱন যাপন কৰাৰ লগতে জুপুৰি সদৃশ গৃহতে কটোৱা পৰিলক্ষিত হয়।
ইয়াৰ পাছতো এই দৰিদ্ৰ সীমাৰেখাৰ তলৰ গাওঁখনত দৃষ্টি নিক্ষেপ কৰা নাই জনপ্ৰতিনিধি কিম্বা চৰকাৰে। এই প্ৰতিৱেদনৰ পিচত তেৰাসৱে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ’ব।