উত্তৰ-পূৰ্বাঞ্চলৰ বহু ভাষিক ৱেব মেডিয়া ‘এন ই লাইভ ট‍্যুডেৰ’ বৰ্ষ পূৰ্তি উদযাপন

0
11

প্ৰাগজ্যোতিষ বাৰ্তা,শিৱসাগৰ হাঁহচৰাৰ পৰা, মুকুল বাইলুং, ২০ আগষ্টঃ শিৱসাগৰ নগৰৰ মাজ মজিয়াত অৱস্থিত মুক্তি নাথ চাৰি আলি   ঐক্য’ৰ কাৰ্যালয়ত ১০ ছেপ্টেম্বৰ তাৰিখে দিনযোৰা কাৰ্য্যসূছীৰে এন ই লাইভ ট‍্যুডেৰ  বৰ্ষ পূৰ্তি উদযাপন কৰিবলৈ লোৱা হৈছে ৷

প্ৰতি বছৰে অসমৰ বিভিন্ন জিলাত বৰ্ষ পূৰ্তি  উদযাপন কৰি আহিছে এইবাৰ ইতিহাস প্ৰসিদ্ধ  শিৱসাগৰ  জিলাত উদযাপন কৰাৰ উদ্দেশ্যই এখনি শক্তিশালী উদযাপন সমিতি গঠন কৰা হয়।  এন ই লাইভ ট‍্যুডেৰ  মুখ্য সম্পাদক দ্বীপেন ডেকা আৰু  হাঁহচৰা উচ্চতৰ মাধ‍্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ‍্যক্ষ , হাঁহচৰা প্ৰেছ ক্লাবৰ মুখ‍্য উপদেষ্টা ভৰত চেতিয়াক উদযাপন সমিতিৰ মুখ্য উপদেষ্টা , ৰংপুৰ বাৰ্তা মুখ্য সম্পাদক ব্ৰজেন ফুকনক  সভাপতি , কাৰ্যকৰী সভাপতি মুকুল বাইলুং  , যদু মণি বড়া আৰু কমল চন্দ্ৰ বৰা , উপ সভাপতি প্ৰাঞ্জল পূজাৰী মুখ্য সম্পাদক , প্ৰশান্ত বৰগোঁহাই আৰু অনুপ কুমাৰ বৰুৱাক যুটীয়া সম্পাদক , অংশুমান দত্ত সহকাৰী সম্পাদক  আদি কৰি এখন উদযাপন সমিতি গঠন কৰা হয়।

দিনযোৰা  কাৰ্য্যসূচী ১০ বজাত পতাকা উত্তোলন ,স্মৃতি তৰ্পণ,   মঞ্চ  মুকলি কৰিব এটি সমদল গীতেৰে । ১১ বজাত আলোচনা চক্ৰ ” সাম্প্ৰতিক সময়ত ডিজিটেল মেডিয়াৰ গুৰুত্ব” মুখ্য বক্তা   স্তম্ভলেখক , অসমীয়া প্ৰতি দিন -দৈনিক জনমভূমি পদ্মলোচন নাথ ।

বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰিব  ডাঃ লক্ষ্মণন এছ  , জিলা উপায়ুক্ত শিৱসাগৰ, অমিতাভ সিনহা  জিলা আৰক্ষী অধীক্ষক শিৱসাগৰ ।বছৰটো বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰা এন ই লাইভ ট‍্যুডেৰ সাংবাদিক আৰু অনলাইন যোগে অনুষ্ঠিত হোৱা নৃত্য প্ৰতিযোগিতাৰ বিজয়ী সকলক বঁটা প্ৰদান  কৰা হ’ব । 

 আলোচনা চক্ৰৰ সমান্তৰালকৈ সাংস্কৃতিক কাৰ্য্যসূচী  অনুষ্ঠিত হৈ থাকিব ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here