জিলা পুথি ভড়ালত  হৃদয়স্পৰ্শী কাল্পনিক নাট তথাস্তু আৰু  লগতে শিশু নাট নেষ্ট প্ৰদৰ্শন

0
111

 প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী, ২১ আগষ্টঃ  অসমৰ আগশাৰীৰ নাট্য গোষ্ঠী নক্ষত্ৰৰ উদ্যোগত  গ্ৰীষ্ম কালীন  নাট শিবিৰ অনুষ্ঠান স্বৰূপে হেৰাম্ব শৰ্মা আৰু তুলিকা হাজৰিকাৰ তত্বাৱধানত সোমবাৰে   গুৱাহাটীস্হিত জিলা পুথি ভড়ালত  শিল্পী সকলৰ দ্বাৰা  তথাস্তু  আৰু ’নেষ্ট’ শীৰ্ষক দুখন সামাজিক নাট মঞ্চস্থ কৰা হয়।

মূলতঃ আমাৰ সমাজ জীৱনৰ সৰু-বৰ ঘটনাৰ কাহিনীৰ আধাৰত ৰচিত নাট দুখন প্ৰদৰ্শন কৰি  শিল্পীসকলে দৰ্শক ৰাইজৰ ভূয়সী প্ৰশংসা লাভ কৰে।

১৯ আগষ্টৰ সন্ধিয়া ৬ বজাৰ পৰা আৰম্ভ হোৱা নাট প্ৰদৰ্শন কাৰ্য্যসূচীৰ বন্তি প্ৰজ্বলনৰে শুভৰাম্ভ কৰে লেখিকা  মনীষা শৰ্মা আৰু অভিনেতা সত্যেন শর্মাই ৷

অনুষ্ঠানটোত  আন বহুকেইজন লোক উপস্থিত  থাকে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here