প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটী, ২২ আগষ্টঃ সমগ্ৰ বিশ্বৰ লগতে যোৱা ১৯ আগষ্টত অসম ফটো সাংবাদিক সন্থাৰ উদ্যোগত পালন কৰা হয় বিশ্ব আলোকচিত্ৰ দিৱস৷
এই উপলক্ষে ১৯ আগষ্টত দিনৰ ১০.৩০ বজাত গুৱাহাটী প্ৰেছ ক্লাবত এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানত বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা অৰূপ মান্নাক ফটো সাংবাদিক সন্থাই সম্বৰ্ধনা জ্ঞাপন কৰে৷
তদুপৰি অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন আলোকচিত্ৰ প্ৰদৰ্শনীৰ আয়োজন কৰা হয়৷
মুঠ ১৮ গৰাকী ফটো সাংবাদিকৰ ৫৪ খন আলোকচিত্ৰ প্ৰদৰ্শন কৰা হয়৷
Facebook Comments