প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটী, ২২ আগষ্টঃ ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সভাপতি ৰঞ্জিত কুমাৰ দাস আৰু গুৱাহাটী লোকসভাৰ সাংসদ কুইন ওজাৰ উপস্থিতিত আজি ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ হেঙেৰাবাৰী কাৰ্যালয়ত এটা বিশেষ যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈ যায়৷
ভাষণ প্ৰসংগত ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে আগন্তুক সময়ত ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশে বিটিএডি অঞ্চলৰ বাহিৰে ৰাজনৈতিক ক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তিক দলৰ সদস্যতা দিয়া বন্ধ বুলি ঘোষণা কৰে৷
দলৰ সাংগঠনিক নিৰ্বাচন চলি থকাৰ পৰিপ্ৰেক্ষিতত এনে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ সভাপতিয়ে লগতে কয় যে অসমৰ শিক্ষা, কলা-সংস্কৃতিৰ লগতে উদ্যোগ, কৃষি খণ্ডৰ সৈতে জড়িত শিপিনি বনুৱাসকলৰ বাবে মণ্ডল পৰ্যায়ৰ পৰা ৰাজ্যিক পৰ্যায়লৈ সকলো দুৱাৰ মুকলি থাকিব৷
অসমত এতিয়ালৈ ১৭ লাখ সদস্য ভৰ্তি হৈছে বুলি উল্লেখ কৰি সভাপতিয়ে কয় যে দেশৰ আন ৰাজ্যৰ তুলনাত সদস্য ভৰ্তিৰ ক্ষেত্ৰত অসম আগবাঢ়ি আছে৷
সাংগঠনিক ভেটি অধিক সুদৃঢ় কৰাই ৰাজ্য চৰকাৰৰ লক্ষ্য বুলি উল্লেখ কৰি তেওঁ কয় যে দেশৰ প্ৰথম পাঁচখন ৰাজ্যৰ ভিতৰত স্থান সুনিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰে প্ৰয়াস অব্যাহত ৰাখিছে৷
অনুষ্ঠানত প্ৰাক্তন মন্ত্ৰী তথা সমাজসেৱিকা ৰেখাৰাণী দাস বড়ো, গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ প্ৰাক্তন অধ্যাপিকা নিলিমা ভাগৱতীৰ লগতে শিক্ষা, আইন, উদ্যোগ খণ্ডৰ সৈতে জড়িত কেইবাগৰাকী মহিলাই বিজেপিত যোগদান কৰে৷
সভাত বিজেপি, অসম প্ৰদেশৰ সাংগঠিনক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা, ৰাজ্যিক উপ-সভাপতি তথা সদস্য ভতিৰ্ অভিযানৰ ৰাজ্যিক আহ্বায়ক বিজয় কুমাৰ গুপাতা আৰু সহ-আহ্বায়ক দিপ্লু ৰঞ্জন শৰ্মাও উপস্থিত থাকে৷