লংকাৰ শংকৰদেৱ নগৰত শুদ্ধ আৰু বিদেশীমুক্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সমৰ্থনত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ধৰ্ণা, উত্তাল প্ৰতিবাদ

0
11

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু,২২ আগষ্টঃ উচ্চতম ন্যায়ালয়ৰ নেতৃত্বত অসমত পূৰ্ণ গতিত চলি আছে এন আৰ চিৰ প্ৰক্ৰিয়া ।

চলিত মাহৰ ৩১ তাৰিখে প্ৰকাশ পাব চুড়ান্ত এন আৰ চিৰ তালিকা কিন্তু উক্ত এন আৰ চিৰ তালিকাত বৃহদ সংখ্যক খিলঞ্জীয়া ভূমিপুত্ৰৰ নাম অন্তৰ্ভূক্ত নোহোৱা আৰু বিদেশীৰ নাম অন্তৰ্ভূক্তিৰে এখন অশুদ্ধ এন আৰ চি প্ৰস্তুত হৈ আছে বুলি অভিযোগ উত্থাপন কৰি হোজাই জিলাৰ সদৰ লংকাৰ শংকৰদেৱ নগৰৰ জিলা উপায়ুক্তৰ কাৰ্য্যলয়ৰ সন্মুখত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে বুধবাৰে বিশাল ধৰ্ণা আৰু প্ৰতিবাদ কাৰ্য্যসূচী ৰূপায়ণ কৰে ।

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্যই হাতে হাতে প্লে’ কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে শুদ্ধ আৰু স্বচ্ছ এন আৰ চি প্ৰস্তুত কৰক, বিদেশীমুক্ত নাগৰিক পঞ্জীয়ন প্ৰস্তুত কৰক, অসমত আমছুৰ দাদাগিৰি নচলিব, প্ৰতীক হাজিলা মূৰ্দাৱাদ আদি ধ্বনিৰে উত্তাল কৰে উপাযুক্ত কাৰ্য্যলয়ৰ চৌহদ ।

উক্ত কাৰ্য্যসূচীত প্ৰায় পাঁচ শতাধিক অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্যই অংশগ্ৰহণ কৰে ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here