হাঁহচৰাত কোটি টকীয়া বৈদ্যুতিক জলসিঞ্চন আঁচনি ধোঁৱাচাঙতঃ মেচিন নাঁওকে ধৰি সকলো যন্ত্ৰ-পাতি মামৰে ধৰি ভাগি-চিগি যাব ধৰিছে

0
7

প্ৰাগজ্যোতিষ বাৰ্তা,শিৱসাগৰ হাঁহচৰাৰ পৰা,মুকুল বাইলুং,২৩ আগষ্টঃ শিৱসাগৰ জিলাৰ হাঁহচৰাত দিখৌ নদীৰ পৰা নাঁওত মেচিন সংযোগ কৰি জলসিঞ্চন আঁচনি স্থাপন কৰিছিল আজিৰ পৰা ৪০ বছৰৰ আগত।

এই আঁচনিৰ দ্বাৰা হাঁহচৰা অঞ্চলৰ ৰাইলুং চেতিয়া , চাংমাই আৰু গোঁহাই গাঁৱৰ কৃষকসকল উপকৃত হোৱাৰ লগতে বছৰটো দুটাকৈ কৃষি কাৰ্য্য কৰিবলৈ সুবিধা হৈছিল।

২০১৩ চন মানৰ পৰা নাঁওখনত ফুটা হোৱাত জলসিঞ্চন আঁচনিখনৰ পানী যোগান বন্ধ কৰি দিয়ে। বৰ্তমান জলসিঞ্চন আঁচনিখনৰ বিকল হৈ থকাৰ বাবে ইয়াৰ যন্ত্ৰ-পাতি মামৰে ধৰি জহি-খহি যাব ধৰিছে।

আঁচনিৰ পৰিচালনা কৰিবৰ বাবে তিনিগৰাকী কৰ্মচাৰী বৰ্তমানে নিযুক্ত হৈ আছে।কৰ্মচাৰীকেইজনক চৰকাৰখনে নিয়মীয়া কৈ দৰমহা দি আছে।

পৰিৱৰ্তনশীল চৰকাৰে ইয়াৰ ব‍্যৱস্থা গ্ৰহণ কৰিব বুলি বহু আশা কৰিছিল কিন্তু আজিও এনেদৰে বিকল হৈ পৰি আছে।

যিখন চৰকাৰে গ্ৰাম্য অঞ্চলৰসমূহৰ উন্নতি কৰাৰ কথা কৈছিল বাস্তৱত গ্ৰাম্য অঞ্চলৰ ৰাইজে বৰ্তমানলৈকে কি কি সুবিধা পাইছে ই এটা ডাঙৰ প্ৰশ্ন হৈ পৰিছে।

আজিৰ পৰা এমাহ বৰষুণ নোহোৱা বাবে কৃষকৰ শালি খেতি পথাৰত চিৰাল ফাঁট মেলিছে ইয়াৰ পৰিত্ৰাণ বাবে হয়তো কৃষকসকলে অদৃশ্যজনৰ ওচৰত প্ৰাৰ্থনা জনাব লাগিব নতুবা কুৰি শতিকাত অন্ধ বিশ্বাস কুসংস্কাৰ বসবৰ্তী হৈ ভেকুলী বিয়া পাতি বৰষুণৰ কামনা কৰিব লাগিব।

এয়াই আমাৰ চৰকাৰ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here