মামনী গোস্বামী মহন্তৰ তিনিখন গ্ৰন্থ উন্মোচন

0
8

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী,২৩ আগষ্টঃ সাধুকথা হৈছে মুখনিসৃত কাহিনী।সাধু কথা প্ৰধানতঃ সমাজৰ বাবে লিখা হৈছিল পিছত ইয়াক শিশু সাহিত্যলৈ ৰূপান্তৰিত কৰা হয়।

গ্ৰীমৰ সাধু ইয়াৰ প্ৰথম নিদৰ্শন এই কথা ২২ আগষ্টত গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা এক গ্ৰন্থ উন্মোচনী সভাত ব্যক্ত কৰে প্ৰবীণ সাংবাদিক তথা সঁফুৰা আলোচনীৰ সম্পাদক ৰূপম বৰুৱাই।

উল্লেখযোগ্য যে এম আৰ আৰু প্ৰতিশ্ৰুতি প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত লেখিকা মামণি গোস্বামী মহন্তৰ তিনিখন গ্ৰন্থ ক্ৰমে যুগমীয়া সেই স্মৃতি,কেইগৰাকীমান গ্ৰন্থপ্রেমিক, সাহিত্যিকৰ জীৱনী , বিশ্বৰ কেইগৰাকীমান মহান ব্যক্তিৰ মানৱতাবোধ শীৰ্ষক তিনি গ্ৰন্থ উন্মোচন কৰা হয়।

দিনৰ তিনি বজাৰ পৰা অনুষ্ঠিত হোৱা উন্মোচনী সভাত জ্যেষ্ঠ সাংবাদিক হাইদৰ হুছেইন, নিৱন্ধকাৰ, লিখক ফনীন্দ্ৰকুমাৰ দেৱ চৌধুৰী উপস্থিত থাকে।

উন্মোচকৰ ভাষণ প্ৰশংগত জ্যেষ্ঠ সাংবাদিক হাইদৰ হুছেইনে গ্ৰন্থ অধ্যয়নৰ ইতিবাচক দিশৰ ওপৰত এক নীতিদীৰ্ঘ ভাষণ আগবঢ়াই।

আনহাতে নিজৰ ভাষণ প্ৰসংগত ডঃ ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী য়ে কয় যে নীৰৱতা হৈছে লিখকৰ প্ৰধান লক্ষণ লিখক হিচাপে মামণি গোস্বামী মহন্ত এই গুণৰ অধিকাৰী হ’ব পাৰিছে।

অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি জ্যেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়াই কয় যে বৰ্তমান সময়ৰ লগত খাপ খুৱাই লিখকসকলে লিখা সমূহ ডিজিটেল সংস্কৰণ কৰিব লাগে।লিখকৰ নিজৰ অনুভৱ ব্যক্ত কৰি নিজৰ জীৱনৰ ঘটনা প্ৰসংগত কবলৈ গৈ লেখিকা মামণি গোস্বামী মহন্ত আবেগিক হৈ পৰা দেখা যায়।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here