সাংবাদিক কৌশিক ডেকাৰ ঘৰৰ পৰা চোৰে লুটি নিলে নগদ ধন সহ আ-অলংকাৰ

0
11

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী, ২৫ আগষ্টঃ দৈনিক জনমভূমিৰ সাংবাদিক কৌশিক কুমাৰ ডেকাৰ গুৱাহাটীৰ ভেটাপাৰাৰ  বিদ্যামন্দিৰ পথৰ ভীস্ম নগৰৰ ( ঘৰ নং ৪ )ত থকা ভাড়াঘৰত ২৪ আগষ্টৰ সন্ধিয়া প্ৰায় ৭ মান বজাত সংঘটিত হ’য় এক চুৰি কাণ্ড ।

ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে সাংবাদিক ডেকাৰ ঘৰৰ বয়-বস্তু লণ্ড-ভণ্ড কৰি  প্ৰায় তিনিলাখ টকাৰ মূল্যৰ সোণৰ আ-অলংকাৰ, নগদ দহ হেজাৰ টকা সহ অনান্য সামগ্ৰী চুৰ কৰি নিয়ে ।

ঘটনা সন্দৰ্ভত সাংবাদিকগৰাকীয়ে বশিষ্ট থানাত এজাহাৰ দাখিল কৰিছে ।

দিছপুৰ প্ৰেছ ক্লাবে এই ঘটনাক গৰিহণা দি শীঘ্ৰে চুৰি কাণ্ডৰ সৈতে জড়িতসকলক চিনাক্ত কৰি কঠোৰ শাস্তিৰ দাবী জনাইছে ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here