গুৱাহাটীত ডিটিডিচিৰ ৩১হাজাৰ বৰ্গফুট এলেকাৰ কাৰ্যালয় মুকলি 

0
8

প্ৰাগজ্যোতিষ বাৰ্ত,গুৱাহাটী, ২৫ আগষ্টঃ  দেশৰ আগশাৰীৰ সামগ্ৰীবাহক সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠান ডিটিডিচিয়ে অলপতে মহানগৰীৰ পামহিত এক বৃহৎ আকাৰৰ কাৰ্যালয় মুকলি কৰে৷

এই কাৰ্যালয়টোৰ পৰা ডিটিডিচিৰ দ্ৰুত সামগ্ৰী প্ৰেৰণ ই-কমাৰ্চ স্হল ’ সেৱাকে ধৰি সকলোবোৰ সেৱা আগবঢ়োৱা হ’ব৷

কাৰ্যালয়টোৰ মুকলি অনুষ্ঠানত প্ৰতিষ্ঠানৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক সুভশিষ চক্ৰৱৰ্তী, কাৰ্যবাহী সঞ্চালক অভিশেষ চক্ৰৱৰ্তী আৰু সঞ্চালক অৰ্পিতা চি মিত্ৰ উপস্থিত থাকে ৷

হেন্দেলন স্কেনাৰৰ দৰে অত্যাধুনিক  প্ৰযুক্তি সম্বলিত কাৰ্যালত থাকিব ৷উত্তৰ পূৱত ই-কমাৰ্চৰ ক্ৰমবৰ্ধমান লেনদেনৰ পৰিপেক্ষিতত ডিটিডিচিয়ে গ্ৰাহকৰ চাহিদা পূৰণ কৰিব পৰাকৈ নিজকে শক্তিশালী ৰূপত গঢ়ি তুলিছে ৷

শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সংবাদ মেলত প্ৰতিষ্ঠানটোৰ  সঞ্চালক অভিশেষ চক্ৰৱৰ্তীয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰে ৷

তেওঁ কয় যোৱা কেইবছৰমানৰ পৰা উত্তৰ পূৱত ই কমাৰ্চৰ চাহিদা ব্যপক হাৰত বৃদ্ধি পাইছে ৷

ইয়াৰ বাবে ৰাজ্যত নতুন প্ৰতিষ্ঠান স্হাপনৰ প্ৰয়োজনীয়তা আহি পৰিছে বুলি তেওঁ উল্লেখ কৰে ৷

সংবদমেলত সুভাশিষ চক্ৰৱৰ্তী উপস্থিত থাকি  উত্তৰ পূৰ্বাঞ্চলত প্ৰতিদিনে প্ৰায় ছয় লাখ পেকেট বুকিং হয় বুলি কয় ৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here