জি এন আৰ চি স্বাস্থ্য মিত্ৰ এক্সিলেন্স এৱাৰ্ড সম্পন্ঃ জি এন আৰ চি হাস্পতালে অহা দুই বছৰত ২০ হাজাৰ স্বাস্থ্যমিত্ৰ সৃষ্টি কৰিবঃ ডাঃ নোমাল চন্দ্ৰ বৰা

0
11

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী,২৬ আগষ্টঃ ৰাজ্যৰ আগশাৰীৰ ব্যক্তিগত হস্পিতাল জিএন আৰ চিয়ে ২৫ আগষ্টত মহানগৰীৰ ভঙাগড়স্হিত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰেক্ষাগৃহত ৰাজ্যৰ চুকে কোনে থকা প্ৰায় ৮৩ গৰাকী স্বাস্থ্য মিত্ৰক বিশিষ্ট ব্যক্তিৰ উপস্থিতিত বঁটা প্ৰদান কৰা হয়৷

ৰাজ্যৰ প্ৰায় ১৪শ স্বাস্থ্যমিত্ৰৰ উপস্হিতিত স্বাস্থ্য মিত্ৰ এক্সিলেন্স এৱাৰ্ড প্ৰদান কৰা হয়৷ অসমৰ জনপ্ৰিয় অভিনেত্ৰী মাধুৰিমা চৌধুৰী,বিশিষ্ট সংগীত শিল্পী মহেন্দ্ৰ হাজৰিকা, জনপ্ৰিয় কন্ঠশিল্পী কৃষ্ণামনি চুতীয়া আৰু জনপ্ৰিয় কন্ঠশিল্পী জীনা ৰাজকুমাৰী বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি স্বাস্থ্যমিত্ৰসকলক দুগুণ উৎসাহেৰে জনসাধাৰণৰ মাজত সোমাই দৰিদ্ৰ পৰিয়ালক নিজ বৃত্তিৰ জৰিয়তে সেৱা আগবঢ়াবলৈ আহ্বান জনায়৷

অনুষ্ঠানৰ আৰম্ভনিতে আদৰণি ভাষণ প্ৰদান কৰি সঞ্চালক ডাঃ নোমল চন্দ্ৰ বৰাই কয় যে সমগ্ৰ বিশ্বত এশ কোটিতকৈ অধিক লোক চিকিৎসা সেৱাৰ পৰা বঞ্চত হয়৷

ইয়াৰ প্ৰধান কাৰণ দৰিদ্ৰতা, স্বাস্থ্যৰ সচেতনতাৰ অভাৱ, আৰ্থিক অনগ্ৰসতা৷

এইবাবে স্বাস্থ্যৰ সচেতনতা বৃদ্ধি আৰু দৰিদ্ৰ পৰিয়ালাক চিকিৎসাৰ সহায়ৰ বাবে স্বাস্থ্যমিতা সৃষ্টি কৰিছে জিএন আৰ চি হস্পিতালে৷যিটো আজিলৈকে পৃথিৱীৰ কোনো এখন হস্পিতালে কৰিবলৈ সক্ষম হোৱা নাই৷

স্বাস্থ্যৰ প্ৰতি জনসাধাৰণৰ মাজত সজাগ সচেতনা বৃদ্ধিৰ বাবে অহা দুই বছৰত প্ৰায় বিশ হাজাৰ স্বাস্থ্যমিত্ৰ প্ৰস্তুত কৰিব বুলি ডাঃবৰাই কয়৷

তেওঁ কয় এশ দৰিদ্ৰ পৰিয়ালক স্বাস্থ্যৰ ক্ষেত্ৰত সহায় কৰা স্বাস্থ্যমিত্ৰক দৰিদ্ৰৰ স্বাস্থ্যমিত্ৰ এৱাৰ্ড প্ৰদান কৰিব জিএন আৰ চি হাস্পতালতৰ তৰফৰ পৰা৷

ইয়াৰ বাবে স্বাস্থ্যমিত্ৰসকলক মিনি ডাক্তৰ বুলি অভিহিত কৰে প্ৰতিষ্ঠাপক ডাঃ নোমল চন্দ্ৰ বৰাই৷

ৰাজ্যৰ চৰকাৰী স্বাস্থ্য ব্যৱস্থা এতিয়াও শোচনীয় অৱস্থাত আছে, যাৰবাবে জনসাধাৰনে চৰকাৰী চিকিৎসালয়ত উপযুক্ত চিকিৎসা নাপায়৷

আনফালে ব্যক্তিগত চিকিৎসালয়লৈ ধনৰ অভাৱত আহিব নোৱাৰে৷ ইয়াৰ ফলত যঠেষ্ট সংখ্যক ৰোগীৰ উপযুক্ত চিকিৎসাৰ অভাবত মৃত্যু হয়৷

সেই বাবে চৰকাৰী হাস্পতালৰ সমপৰিমানৰ ধনৰ বিনিময়ত জিএন আৰ চি হাস্পতালে চিকিৎসা সেৱা আগবঢ়াবলৈ চেষ্টা অব্যাহত ৰাখিছে৷

ইয়াৰ বাবে প্ৰতিগৰাকী কৰ্মচাৰী তথা স্বাস্থ্যমিত্ৰক অধিক উদ্দমৰে কাম কৰিবলৈ বিশিষ্ট চিকিৎসক ডা°নোমল চন্দ্ৰ বৰাই আহ্বান জনায়৷

উল্লেখ্য যে অনুষ্ঠানত ভালেসংখ্যক বিশিষ্ট ব্যক্তিৰ লগতে চিকৎসক, নাৰ্চ, কৰ্মচাৰীৰ উপৰিও ভালে সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here