বিধ্বস্ত পথৰ বাবে জীয়াতু ভূগিব লগা হয় খনা কৃষ্ণপুৰ গাওঁবাসী

0
1

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজি পৰা ললিত শইকীয়া,২৬ আগষ্টঃ মাজি জিলা বৰদলনি অঞ্চলৰ এখন ভিতৰুৱা গাঁৱৰ নাম খনা কৃষ্ণপুৰ গাওঁ।

এই গাৱঁত আজি দুই বছৰে বানপানীয়ে শ শ বিঘা কৃষিভূমি নষ্ট কৰা উপৰিও ঘৰ-দুৱাৰ তচনচ কৰা পৰিলক্ষিত হয়।

পথাৰত সোণালী ধানৰ পৰিবৰ্তে বালিৰ চিকমিকনি দেখা পোৱা যায়।

লগতে গাৱঁত যিসমূহ পথ আছিল সেয়াও 2 বছৰ পূৰ্বেই বাহনী পানীৰ ফলত ছিঙি-ভাঙি, খণ্ড-বিখণ্ড হয়।

এই পথসমূহ বিধ্বস্ত হোৱাৰ ফলত গাওঁবাসীয়ে দৈনন্দিন কৰ্ম ক্ষেত্ৰলৈ যাবৰ বাবে যাতায়ত সমস্যা সন্মুখীন হ’য়।বিশেষ কৈ কণ কণ ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয়লৈ যাবলৈ বিপদত পৰিছে।

কিয়নো প্ৰতি ১০ বা ২০ মিটাৰ দূৰত্বৰ এখন এখন বাঁহৰ সাঁকো। ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকসকলে এই বিপদ সঙ্কুল যাত্ৰাৰ পৰা বিৰত কৰাই বিদ্যালয়ত কেতিয়াবা কেতিয়াবা অনুপস্থিত হোৱাৰ কথা উল্লেখ্য কৰে।

এক কথাত ক’বলৈ গ’লে বাঁহৰ সাঁকো প্ৰতিযোগিতা পাতিলে উক্ত গাওঁখন প্ৰথম স্থান পোৱাটো নিশ্চিত।

বহুবাৰ গাঁৱৰ ৰাইজে বৰদলনি খণ্ড উন্নয়ন কাৰ্যালয়ত জৰাজীৰ্ণ পথসমূহ নিৰ্মাণ কৰি দিবৰ বাবে আবেদন নিবেদন কৰিছে যদিও বৰ্তমানেও কোনো ধৰণৰ সঁহাৰি পোৱা নাই। নাই যে নাই জন প্ৰতিনিধিৰো খবৰ।

এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব বাবে খনা কৃষ্ণপুৰ গাওঁ বাসীয়ে শাসনাধিষ্টিত চৰকাৰক আহ্বান জনাইছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here