লংকাত ট্ৰেইনৰ খুন্দাত প্ৰাণ গ’ল কণমাণি পুত্ৰসহ মাতৃৰ

0
19

প্ৰাগজ্যোতিষ বাৰ্তা,লংকা,২৬ আগষ্টঃ লংকা চহৰৰ ৯ নম্বৰ ৱাৰ্ডৰ ৰাজীৱপুৰত সংঘটিত এক শোকাৱহ দুৰ্ঘটনাত নামনিমুৱা মৰিয়ণী এক্সপ্ৰেছ ৰে’লৰ খুন্দাত প্ৰাণ গ’ল এটি কণমানি শিশুসহ এগৰাকী মহিলাৰ।

বৰ্তমানেও পৰিচয় উদ্ধাৰ নোহোৱা শিশুটিৰ বয়স ৬/৭ বছৰ আৰু মহিলাগৰাকীৰ বয়স ৩০ বছৰ বুলি অনুমান কৰা হৈছে।

স্থানীয় ৰাইজে ৰে’লপথত মহিলাগৰাকীক মৃত অৱস্থাত পৰি থকা প্ৰত্যক্ষ কৰে যদিও পিচত জীৱিত অৱস্থাত থকা শিশুটিৰো মৃত্যু ঘটে।

ঘটনাস্থলীত ৰে’ল আৰক্ষী উপস্থিত হৈ অনুসন্ধান অব্যাহত ৰাখিছে যদিও এয়া দুৰ্ঘটনা নে আত্মহত্যাৰ ঘটনা সেয়া স্পষ্ট হোৱা নাই।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here