ধেমাজি জিলাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ফোপোলা স্বৰূপ

0
8

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজিৰ পৰা ললিত শইকীয়া,২৮ আগষ্টঃ যি সময়ত শাসনাধিষ্টিত চৰকাৰে জনস্বাস্থ্য কাৰিকৰী বিভাগ লৈ পানী যোগান আঁচনি খন সফল ৰূপায়ণ কৰিব বাবে লাখ লাখ টকা আৱন্টন দিছিল যদিও এচাম জ্ঞানহীনতা বিষয়া, কৰ্মচাৰীসকলৰ বাবে উক্ত পানী যোগান আঁচনিসমূহ ডাচবিনত আৰু জংঘলত পৰিণত হৈছে।

উল্লেখ্য যে উক্ত আঁচনিখন ধেমাজি জিলা বৰবাম অঞ্চলত অৱস্থিত যদিও ঘিলামৰা সংমণ্ডৰ অধীনত থকা বুলি জানিব পৰা গৈছে।এই পানী যোগান আঁচনিখনৰ চৌহদ তেনে তথৈবচ অৱস্থা, আঁচনিৰ মেচিনসমূহত মামৰ আৰু শেলুৱৈৰে ভৰপূৰ হৈ থকা দেখা পোৱা গৈছে।

আজি পাঁচ বছৰে এটুপি বিশুদ্ধ খোৱাা পানীৰ বাবে ছয়খন কৈ গাঁৱৰ ৰাইজে বিৰত থাকিব লগা হৈছে।কাণসাৰ নাই জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু জন-প্ৰতিনিধিৰ।

চৰকাৰ চাকৰিৰ নামত এনেকৈয়ে এচামে ঘৰতে বহি বহি চৰকাৰ ধন খাই থকা পৰিলক্ষিত হৈছে।এইসকল কৰ্মচাৰী ওপৰত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে লক্ষ্যণীয় হ’ব।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here