মিলনপুৰ কলিতা গাওঁ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ আজৱ কাণ্ড

0
13

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজী,২৮ আগষ্টঃ মাজি জিলা বৰদলনি শিক্ষা খণ্ডৰ অধীনত থকা এখন প্ৰাথমিক বিদ্যালয়, নাম- মিলনপুৰ কলিতা গাওঁ প্ৰাথমিক বিদ্যালয়।

এই বিদ্যালয়খনৰ প্ৰধান শিক্ষক ৰূপেন হাজৰিকাৰ বিৰুদ্ধে স্থানীয় ৰাইজ তথা ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকসকলে বহুদিন ধৰি অভিযোগ উত্থাপন কৰিছে যদিও বৰ্তমানে কাণসাৰ নাই ধেমাজি জিলা আৰু বৰদলনি শিক্ষা খণ্ডৰ মূৰব্বীসকলৰ।

চকু মুদা কুলিৰ ভাও ধৰি নিৰৱ ভূমিকা পালন কৰা দেখা পোৱা গৈছে, নে অসাধু প্ৰধান শিক্ষকগৰাকীৰ লগত গোপন মিতিৰালি আছে, সেয়াহে এক ডাঙৰ প্ৰশ্ন।

উল্লেখ্য যে আজি বিদ্যালয়ৰ চৌহদত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ জয়ৰামপুৰ আঞ্চলিক সমিতিৰ বিষয়ববীয়া আৰু স্থানীয় ৰাইজ উপস্থিত হয়।

ৰাইজৰ অভিযোগ অনুসৰি জানিব পৰা গৈছে, প্ৰধান শিক্ষক ৰূপেন হাজৰিকাই বিদ্যালয়ত প্ৰায় অনুপস্থিত থকা কথাৰ আৰু নিজৰ মইমতালিৰে তেওঁ অনুপস্থিত নিজ ভাতৃ অৰুণ হাজৰিকাক বিদ্যালয়ৰ দায়িত্বৰ লগতে পাঠদান কৰিবলৈ লগায়।

আৰু প্ৰধান শিক্ষকগৰাকী বিদ্যালয়লৈ যি দুই-এদিন আহে তাকো মদ্য পাণ কৰি আহে।

মধ্যাহ্ন ভোজনৰ নামতো ব্যাপক দুৰ্নীতিৰ কৰা অভিযোগ উত্থাপন হৈছে ।

অতি পৰিতাপৰ বিষয় যে চৰকাৰ তথা বিদ্যালয়ৰ পৰিচালনা সমিতি কোনো ধৰণৰ পৰামৰ্শ নোলোৱাকৈ পাঠদান কৰাক লৈ ,স্থানীয় ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

কিয়নো এনে নদাই ভদায়ে যদি শিক্ষাদান কৰে তেন্তে অভিভাৱকসকলে বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰীসকলক নপথোৱাৰ সিদ্ধান্ত লয়।

ইয়াৰ পাছতো ধেমাজি তথা বৰদলনি শিক্ষা খণ্ডৰ বিষয় ববিয়াই কি সিদ্ধান্ত লব সেয়াহে লক্ষ্যণীয় হ’ব।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here