অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে দাবী জনাই শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘই স্মাৰক পত্ৰৰ প্ৰদান শিৱসাগৰ জিলা উপায়ুক্ত দ্বাৰা কেন্দ্ৰ চৰকাৰলৈ

0
9

প্ৰাগজ্যোতিষ বাৰ্তা,শিৱসাগৰ হাঁহচৰাৰ পৰা মুকুল বাইলুং,২৮ আগষ্টঃ শিৱসাগৰ জিলা শ্ৰীমন্ত শংকৰদেৱ সংঙ্ঘ শাখা সমিতিয়ে জিলা উপায়ুক্তৰ দ্বাৰা কেন্দ্ৰ চৰকাৰলৈ অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰাৰ দাবী জনাই স্মাৰক পত্ৰ প্ৰদান কৰে।

অসমৰ বানপানী আৰু গৰাখহনীয়াই ভয়াবহ ৰূপ ধাৰণ কৰি আহিছে তাৰ ফলত জনসাধাৰণৰ জীৱন বিপদাপন্ন হৈছে। অসমৰ এনে ভয়াবহ প্ৰাকৃতিক সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাবে স্বীকৃতি দিবৰ বাবে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘই প্ৰত্যেকখন জিলাতেই ২৭- ৮- ২০১৯ তাৰিখে জিলা উপায়ুক্তৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰলৈ দাবী সম্বলিত একোখনিকৈ স্মাৰক পত্ৰ প্ৰদানৰ কাৰ্য্যসূচী গ্ৰহণ কৰে।

শিৱসাগৰ জিলা শাখাটো শ্ৰীমন্ত শঙ্কদেৱ সঙ্ঘৰ শিসাগৰ জিলা শাখা সভাপতি জয়ৰাম চাংমাই, সম্পাদক অচ্যুত নাথ, প্ৰাক্তন জিলা সভাপতি মাধৱ ফুকন আৰু যুগল প্ৰসাদ গগৈকে ধৰি ভালে সংখ্যক ভকতৰ সহযোগত শিৱসাগৰ জিলা উপাযুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে।

চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিেল সংঘই গণতান্ত্ৰিকভাৱে আন্দোলন কৰাৰ পোষকতাও কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here