সাংবাদিক হিতেন মহন্ত সোঁৱৰণি সভাৰ আয়োজন

0
12

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী, ২৮ আগষ্টঃ সাংবাদিক হিতেন মহন্তৰ সোঁৱৰণত অহা শুক্ৰবাৰে (৩০ আগষ্ট) আবেলি ৩ বজাত গুৱাহাটী প্ৰেছ ক্লাবত এখন সভাৰ আহ্বান জনাইছে জাৰ্নেলিষ্ট ফ’ৰাম অসমে ।

জ্যেষ্ঠ সাংবাদিক মহন্তই নিজৰ সাংবাদিকতা জীৱনত সংবাদকৰ্মীৰ সুৰক্ষা আৰু স্বাধীনতাৰ বাবে সদায় সৰৱ আছিল।

বহুকেইখন কাকতত নিয়মীয়াকৈ প্ৰবন্ধ লিখা মহন্তই ৰাজনীতিৰ নিৰ্মোহ বিশ্লেষনৰে অসমৰ জনসাধাৰণক সঠিক দিশৰ সন্ধান দিয়াৰ প্ৰয়াস কৰিছিল।

জাৰ্নেলিষ্ট ফ’ৰাম অসম, গুৱাহাটী প্ৰেছ ক্লাব আদিৰ সন্মানীয় সদস্য মহন্ত সদৌ অসম সংবাদ কৰ্মী মহাসংঘৰ প্ৰতিষ্ঠাপক সভাপতিও আছিল।

সোঁৱৰণি সভাত সকলো সাংবাদিকৰ উপস্থিতি কামনা কৰিছে জাৰ্নেলিষ্ট ফ’ৰাম অসমে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here