ন-খুটীত বিদ্যুৎ স্পৃষ্ট হৈ মৃত্যু পশুধনৰঃ ভূক্তভোগী পৰিয়ালৰ আৰক্ষী চকীত ঘটনা সন্দৰ্ভত গোচৰ ৰুজু

0
10

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ২৮ আগষ্টঃ লংকাৰ ন-খুটীত বুধবাৰে হাৰেজ আলী নামৰ ব্যক্তিজনৰ ঘৰৰ সম্মুখেদি পাৰ হৈ যোৱা উচ্চ বিদ্যুৎ সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰ এডাল বিদ্যুতৰ খুটাৰ পৰা চিঙি হাৰেজ আলীৰ পোহনীয়া গাইজনীৰ গাত পৰাত থিতাতে মৃত্যু হয় গৰুজনীৰ ।

আনহাতে কথমপি ৰক্ষা পৰে হাৰেজ আলীৰ পৰিয়াল । লংকা উপ বিদ্যুৎ উপ সংমণ্ডল কৰ্মীৰ কৰ্মত গাফিলতি আৰু সঘনাই বিদ্যুৎ পৰিবাহী তাঁৰ নিৰিক্ষণ নকৰাৰ ফলতেই এনে ঘটনা সংঘটিত হ’ল বুলি অভিযোগ আনিছে স্থানীয় ৰাইজৰ লগতে ভূক্তভোগী পৰিয়ালটোৱে ।

আনহাতে আকৌ লংকা বিদ্যুৎ বিভাগ হায় হায়, বিদ্যুৎ বিভাগ মূৰ্দাৱাদ, লংকাৰ SDO মূৰ্দাৱাদ আদি ধ্বনিৰে এক প্ৰতিবাদ সাব্যস্ত কৰে স্হানীয় ৰাইজে

পিছত উক্ত ঘটনা সন্দৰ্ভত ভূক্তভোগী হাৰেজ আলীয়ে নখুটী আৰক্ষী পহৰা চকীত ঘটনা সন্দৰ্ভত এফ.আই.আৰ দাখিল কৰে ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here