উত্তৰ পূৱ সীমান্ত ৰেলওৱেত অৱসৰ প্ৰাপ্ত কৰ্মচাৰীক পুনৰ নিযুক্তি শীঘ্ৰে বন্ধ কৰকঃ অসম জাতীয়তা বাদী যুৱ পৰিষদ

0
7

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী, ৩০ আগষ্টঃ উত্তৰ পূৱ সীমান্ত ৰে’লৱেকে ধৰি অসম তথা কেন্দ্ৰীয় চৰকাৰৰ কিছুমান বিভাগৰ কৰ্মচাৰীসকলক অৱসৰৰ পিছতো পুনৰ নিযুক্তি দিয়া প্ৰক্ৰিয়া চলি আছে৷ যাৰফলত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বহুতো যোগ্য প্ৰাৰ্থী চাকৰিৰ পৰা বঞ্চিত হ’বলগা হৈছে৷

এই সন্দৰ্ভত অসম জাতীয়তাবাদী যুৱ পৰিষদে তাৎক্ষণিকভাৱে এই প্ৰক্ৰিয়া বন্ধ কৰিবলৈ ৰে’ল বিভাগক দাবী জনায় অন্যথা সংগঠনটোৱে গণতান্ত্ৰীক আন্দোলনৰ পথ ল’বলৈ বাধ্য হ’ব৷ -এই মন্তব্য প্ৰদীপ কুমাৰ ভূঞাৰ৷

২৯ আগষ্টত গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সংবাদ মেলত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কাৰ্যকৰী সভাপতি ভূঞাই এইদৰে কয়৷

তেওঁ কয় যে উত্তৰ পূৱ ৰে’লৱেৰ পৰিসৰ পৰিবৰ্তন ঘটাই অসমৰ লগতে চিকিম আৰু উত্তৰ বংগক সামৰি কাটিহাৰ কৰ্তন কৰি এটা সুকীয়া ৰে’ল মণ্ডল গঠন কৰিবলৈ সংগঠনৰ তৰফৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী জনায়৷

লগতে অসমৰ খিলন্জীয়া লোকৰ নিযুক্তি৮০ শতাংশ নিশ্চয় কৰি অসমত জন্মগ্ৰহণ কৰা বহিৰা ৰাজ্যৰ লোকৰ বাবে ২০ শতাংশ নিযুক্তি ব্যৱস্থা কৰিবলৈ তেওঁ দাবী উত্থাপন কৰে৷

তেওঁ লগতে কয় ২০১৯-২০ বিত্তীয় বৰ্ষৰ ভিতৰত মালিগাঁও ৰে’লৱে লেভেল ক্ৰছিঙত এখন উৰণীয়া সেতু নিৰ্মাণৰ বাবে চৰকাৰ তথা ৰে’লৱে বিভাগৰ ওচৰত দাবী জনায় ৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here