ভূৱনেশ্বৰত সত্ৰীয়া নৃত্য শিল্পী ইলিজী ওজাক ইণ্ডিয়ান ট্ৰাষ্ট অৱ আৰ্ট এণ্ড কালচাৰৰ ভাৰতীয় কলা শ্ৰীৰত্ন সন্মান

0
13

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটী,৩০ আগষ্টঃ গুৱাহাটীৰ সত্ৰীয়া নৃত্য শিল্পী ইলিজী ওজাক অলপতে ভূৱেনশ্বৰত আয়োজিত এক অনুষ্ঠানত ইণ্ডিয়ান ট্ৰাষ্ট অৱ আৰ্ট এণ্ড কালচাৰৰ তৰফৰ পৰা ভাৰতীয় কলাশ্ৰী ৰত্ন সন্মান প্ৰদান কৰা হয়।

ভূৱনেশ্বৰৰ ভঞ্জ কলা মণ্ডপত যোৱা ১৮ আগষ্টত আয়োজিত এক নৃত্যানুষ্ঠানত উৎসৱ সঞ্চালক মনেমাহন শৰ্মাই ইলিজীক এই সন্মান প্ৰদান কৰে।

অসমৰ পৰা একমাত্ৰ সত্ৰীয়া নৃত্যশিল্পী হিচাপে এই অনুষ্ঠানলৈ আমন্ত্ৰণ লাভ কৰা ইলিজীৰ সত্ৰীয়া নৃত্য উপভোগ কৰি অনুষ্ঠানত অংশ গ্ৰহণ কৰা দেশ-বিদেশৰ নৃত্য শিল্পী তথা সমােলাচকসকলে ভূয়সী প্ৰশংসা কৰে।

উল্লেখ্য যে মাত্ৰ পাঁচ বছৰ বয়সতে ইলিজীয়ে গুৱাহাটীৰ সংগীত সত্ৰত সংগীত নাটক একাডেমী বঁটা বিজয়ী বিশিষ্ট সত্ৰীয়া নৃত্য শিল্পী ৰসেশ্বৰ শইকীয়া বৰবায়ন ওচৰত সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ লৈ পিছলৈ ৰিজুমান শইকীয়াৰ ত্বতাৱধানত সত্ৰীয়া নৃত্যৰ পাঠ সম্পূৰ্ণ কৰে।

গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ ‘এ’ গ্ৰেডৰ নৃত্যশিল্পীৰূপে স্বীকৃতি লাভ কৰা ইলিজী ওজাই যোৱা বছৰ মাধৱদেৱ নৃত্য প্ৰতিভা পুৰস্কাৰ লাভ কৰিছিল।

গুৱাহাটীৰ সংগীত সত্ৰ আৰু ৰাজ্য চৰকাৰৰ পিনৰ পৰা ঢাকা, ড’হা আদি বিদেশৰ বিভিন্ন স্থানৰ লগতে ভাৰতৰ বিভিন্ন চহৰত সত্ৰীয়া নৃত্য পৰিবেশন কৰি প্ৰশংসা অৰ্জন কৰিবলৈ সক্ষম হৈছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here