ধেমাজি গোগামুখত উৎকট গৰমৰ বাবে বিদ্যালয়ৰ পাঠদান চলি থকাৰ সময়ত হঠাৎ অসুস্থ হৈ পৰে নৱম মানৰ এগৰাকী ছাত্ৰী

0
3

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজি পৰা ললিত শইকীয়া,৩০ আগষ্টঃ ধেমাজি জিলাৰ বৰদলনী শিক্ষাখণ্ডৰ অধীনৰ মধ্য বৰদলনি ভেৱেলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পাঠদান চলি থকাৰ সময়ত গৰমৰ প্ৰকোপত হঠাৎ মাটিত ঢলি পৰি সংজ্ঞা হেৰুৱাই পেলায় জুলজুলি বৰ্মন নামৰ নৱমমানৰ ছাত্ৰী এগৰাকী আৰু লগে লগে বিদ্যালয়খনৰ শিক্ষকৰ তৎপৰতাত ১০৮ এম্বুলেঞ্চ মাতি গোগামুখ অসামৰিক চিকিৎসাললৈ প্ৰেৰণ কৰে ছাত্ৰীগৰাকীক l

প্ৰশ্ন হয় উৎকট গৰমৰ বাবে যদি গুৱাহাটী মহানগৰীত ২দিনকৈ স্কুল কলেজ বন্ধ দিব পাৰে সমগ্ৰ অসমতে কিয় এই বন্ধ দিব নোৱাৰে শিক্ষা বিভাগে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here